ASSAM TIMES POST
ডিফু, ১৭ মাৰ্চ: এটি মৰ্মান্তিক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত ৷ কুকুৰা চোৰৰ সন্দেহত এজন ৩০ বছৰীয়া যুৱকক মৰিয়াই মৰিয়াই হত্যাৰ কৰুণ ঘটনা সংঘটিত হৈছে ডিফুত ৷ ডিফুৰ ৰংকাংথুইত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি বিশেষ সুত্ৰৰ পৰা খবৰ পাই জিলা আৰক্ষী উপাধ্যক্ষ নাহিদ কৰিশ্মাই আজি ডিফু থানা ষ্টাফসহ যুৱকজনৰ এগ্ৰিকালচাৰ মেকানিকেল কলনিৰ বাসগৃহত উপস্থিত হয় ৷
পৰিয়ালৰ লোকৰ পৰা যুৱকজন চন্দন সুত্ৰধৰৰ পুত্ৰ সমীৰ সুত্ৰধৰ(৩০) বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ লোকে যোৱা ১১ মাৰ্চত সমীৰ সুত্ৰধৰৰ শৱদেহ ডিফুৰ ৰংকাংথুইত পৰি থকা বুলি জানিব পাৰি তাৰ পৰা উদ্ধাৰ কৰি আনি আৰক্ষীক নজনোৱাকৈ সৎকাৰ কৰে৷ সমীৰ সুত্ৰধৰৰ কণিষ্ঠ ভাতৃ মনোজ সুত্ৰধৰে সমীৰৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট আছিল বুলি জনাইছে ৷
সমীৰৰ পিতৃ-মাতৃয়ে আৰু ভনীয়ে ঘটনাৰ সবিশেষ নাজানো বুলি কৈছে যদিও ১১ মাৰ্চৰ ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গৈছিল আৰু আবেলি তাৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি জনায় ৷ আৰক্ষীৰ সোধপোছত সমীৰৰ মৃতদেহটো আনিবলৈ এজন অট’চালকৰ লগত যোৱা বুলি কয় মৃত যুৱকৰ পৰিয়ালে ৷ আৰক্ষীয়ে অট’চালকৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিফু ৰংকাংথুই পুখুৰীপাৰৰ জয়ছিং বে’ ঘৰত গৈ লোকজনৰ মৃত্যু হোৱা স্থানটো নিশ্চিত কৰে৷
১১ মাৰ্চত অট’চালকজনে জয়ছিঙৰ ঘৰৰ পৰা গাড়ীৰ চাবি লৈ জয়ছিঙ বে’ৰ As01-F-4626 নম্বৰ মাৰুতী 800 গাড়ীত উঠাই পৰিয়ালৰ লোকৰ সৈতে মিলি এগ্ৰিকালচাৰেল মেকানিকেল কলনিত সমীৰ সুত্ৰধৰৰ মৃতদেহ লৈ যায় বুলি স্বীকাৰ কৰে৷ পিছদিনা অৰ্থাত ১২ মাৰ্চৰ দিনা সমীৰ সুত্ৰধৰক পৰিয়ালৰ লোকে সৎকাৰ কৰে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে জয়ছিং বে’ক সোধ-পোছৰ বাবে ডিফু থানালৈ আনে ৷ আৰক্ষীৰ জেৰাত জয়ছিং বে’ই সমীৰ সুত্ৰধৰক তেওঁৰ ঘৰত কুকুৰা চোৰৰ সন্দেহত আটক কৰি মাৰপিট কৰে আৰু মাৰপিটতে সমীৰ সুত্ৰধৰৰ মৃত্যু হয় বুলি জানিবলৈ দিয়া বুলি আৰক্ষী উপাধ্যক্ষগৰাকীয়ে সাংবাদিকক জানিবলৈ দিছে ৷
উক্ত গোছৰত বহু কেইজন ব্যক্তি সাঙুৰ খোৱাৰ লগতে যুৱকজনৰ পৰিয়ালৰ লোকৰ সৈতে অভিযুক্তৰ ধনৰ লেন-দেন হৈ আৰক্ষীক কোনো ধৰণৰ খবৰ নিদিয়ীকৈ মৃতদেহ সৎকাৰ কৰি হৈছে নেকি? সেই কথা তদন্তত ওলাই পৰিব বুলি আৰক্ষী উপাধ্যক্ষগৰাকীয়ে জানিবলৈ দিছে ৷ এই সন্দৰ্ভত ডিফু থানাত ভা: দ: বি: আইনৰ ধাৰা ৩০২/ ২০১ ধাৰাত ৭১/২০২০ত এক গোছৰ ৰোজু দি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷













