ASSAM TIMES POST
ডিফু, ১৭ মাৰ্চ : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত অলপতে হিতাধিকাৰীৰ বাবে অহা টিনপাত বিতৰণৰ সময়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে এগৰাকী বৃদ্ধা গুৰুতৰভাৱে আহত হোৱাৰ পিছৰে পৰা বিষয়টো সন্দৰ্ভত সমালোচনা অব্যাহত ৰখা বিৰোধী কংগ্ৰেছ দলে আজি ডিফুত এক সংবাদমেল অনুষ্ঠিত কৰি বিষয়টো সন্দৰ্ভত কেতবোৰ বিষ্ফোৰক অভিযোগ উত্থাপন কৰে ৷ সংবাদমেলত উপস্থিত থকা কাৰ্বি আংলং জিলা কংগ্ৰেছৰ দুই উপ-সভাপতি ক্ৰমে, ৰতন ইংতি, ৰাতুল টেৰণ তথা সাধাৰণ সম্পাদক ডাঃ মংবে ৰংপিয়ে কয় যে, ৰাজহুৱা বিতৰণৰ বাবে অনা বহুখিনি টিনপাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ফুলনি সমষ্টিৰ পৰিষদীয় সদস্য দৰছিং ৰংহাঙৰ ব্যক্তিগত বাগানত মজুত কৰি ৰখা বুলি ছ’চিয়েল মেডিয়াযোগে ব্যাপক প্ৰচাৰ চলিছে ৷
চৰকাৰী আঁচনিৰ টিনপাত ৰখাৰ বহু চৰকাৰী কাৰ্যালয় চৌহদ আদি থকাৰ পিছতো পৰিষদীয় সদস্যগৰাকীৰ ব্যক্তিগত বাগানত ৰখাটো দুৰ্ভাগ্যজনক মন্তব্য কৰাৰ লগতে মজুত কৰি ৰখা সামগ্ৰীসমূহ হিতাধিকাৰীৰ নে সদস্যগৰাকীৰ ব্যক্তিগত বুলি প্ৰশ্ন উত্থাপন কৰে ৷ ইফালে ভৈয়াম জনজাতিৰ বাবে আবণ্টিত হোৱা টিনপাতসমূহ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে কিদৰে পাৰ্বত্য জনজাতিৰ মাজত বিতৰণ কৰিছিল বুলি প্ৰশ্ন উত্থাপন কৰে বিৰোধী নেতাসকলে ৷
আনহাতে, অলপতে বিশ্বনাথ চাৰিআলিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সদলবলে গৈ সাত কোটি টকীয়া এক প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰি আহিছে যদিও বৃহৎ পৰিমানৰ ধনৰ উৎস কি বুলি বিৰোধী নেতা কেইগৰাকীয়ে প্ৰশ্ন কৰে ৷ এইক্ষেত্ৰত পাৰ্বত্য এলেকা উন্নয়ণৰ বাবে আবণ্টিত ধন ভৈয়াম এলেকাত ব্যয় কৰাটো কংগ্ৰেছে কেতিয়াও নিবছাৰে ৷
অৱশ্যে, বিশ্বনাথ চাৰি আলিৰ কাৰ্বিসকলৰ উন্নয়ণ বিৰোধিতা কংগ্ৰেছে কেতিয়াও নকৰে যদিও প্ৰকল্পটোৰ ধাৰ্য পুঁজি কোন আঁচনিৰ অধীনস্থ তথা ইয়াৰ উৎস ৰাজহুৱা কৰাৰ দাবী জনায় জিলা কংগ্ৰেছে ৷ বিজপি নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনৰ আমোলতসকলো ক্ষেত্ৰতে ছিণ্ডেকেটৰাজ হোৱা দাবী কৰিছে জিলা কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে ৷
বিৰোধী নেতা ত্ৰয়ে কয় যে, সম্প্ৰতি বজাৰ, ভূমি পট্টা প্ৰদান আৰু বনজ সম্পদ প্ৰদান আদি সকলোতে ছিণ্ডিকেটৰাজৰ পয়োভৰ হৈছে ৷ আনহাতে, অলপতে এগৰাকী পৰিষদীয় সদস্যৰ আপত্তি জনক অডিঅ’ ক্লিপিং ছচিয়েল মেডিয়াত বিয়পি পৰাৰ প্ৰসংগ উল্লেখ কৰি এগৰাকী সম্মানীয় এমএচিয়ে প্ৰদৰ্শন কৰা এনে আচৰণৰ পিছত এমএছিগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় বিৰুধী নেতাত্ৰয়ে ৷













