ASSAM TIMES POST
ডিফু : অসম ন্যায় সেৱা প্ৰাধিকৰণ উদ্যোগত আৰু কাৰ্বি আংলং জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ ব্যৱস্থাপনাত আজি ডিফুত কৃষি বিভাগৰ ফাৰ্মাৰছ গ্ৰ’থ চেণ্টাৰৰ সভা কক্ষত অসম ন্যায়সেৱা প্ৰাধিকৰণৰ দ্বিতীয় ক্লাষ্টাৰছ মাণ্ডলিক সভা অনুষ্ঠিত হৈ যায়, প্ৰথমখন সভা ধেমাজিত অনুষ্ঠিত হৈছিল ৷ সভাখন উদ্ধোধন কৰে ডিএলএছএৰ অধ্যক্ষ তথা জিলা সত্ৰ ন্যায়াধীশ আব্দুল হেকিমে ৷
উক্ত সভাত অসম ন্যায় সেৱা প্ৰাধিকৰণৰ ৮খন জিলা ক্ৰমে, যোৰহাট, মাজুলি, কাৰ্বি আংলং, পশ্চিম কাৰবি আংলং ডিমা হাছাও, নগাওঁ, হোজাই আৰু গোলাঘাট ন্যায় সেৱা প্ৰাধিকৰণৰ সচিব আৰু অৰ্দ্ধ আইনী স্বেচ্ছাসেৱী সদস্যসকল উপস্থিত থাকি তেওঁলোকৰ নিজ নিজ অঞ্চলৰ অভাৱ- অভিযোগ, সমস্যা আৰু ন্যায় সেৱা প্ৰাধিকৰণৰ বাবে তেওঁলোকে কৰা কাৰ্যকলাপৰ ওপৰত বাখ্যা আগবঢ়োৱাৰ লগতে সমস্যা সমাধানৰ ওপৰত আলোচনা কৰা হয় বুলি সাংবাদিকৰ আগত কাৰ্বি আংলং জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ সচিব নেগিব আহমেদে জানিবলৈ দিছে ৷

অসম ন্যায়সেৱা প্ৰাধিকৰণৰ সদস্য সচিব নয়ন শঙ্কৰ বৰুৱাই অৰ্দ্ধ আইনী স্বেচ্ছাসেৱী সকলক ন্যায়সেৱা প্ৰাধিকৰণৰ সুবিধাসমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ পৰামৰ্শ আগবঢ়ায় লগতে দৰিদ্ৰ আৰু আৱশ্যক সন্ধানী লোকলৈ আইনী সাহায্য আগবঢ়াই অদৃশ্যজনৰ প্ৰশংসাৰ পাত্ৰ হ’ব লাগে বুলি কয় কাৰণ অদৃশ্জনেই তেওঁক উক্ত কাৰ্যৰ বাবে উপযুক্ত হিচাপে নিযুক্ত কৰিছে ৷
আজিৰ সভাত ৮ খন জিলাৰ ৮জন সচিব আৰু ২৪ জন অৰ্দ্ধ আইনী স্বেচ্ছাসেৱক উপস্থিত থাকে ৷ ইয়াৰোপৰি সভাখনত সভাখনত অসম ন্যায়সেৱা প্ৰাধিকৰণৰ সদস্য সচিব, নয়ন শঙ্কৰ বৰুৱা, উপ সচিব তৃপ্তি আৰি আৰু জিলা ন্যায়সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ তথা ডিফু সত্ৰ ন্যায়াধীশ আব্দুল হেকিমে বক্তব্য আগবঢ়ায় ৷ আনহাতে ৰাজ্যিক ন্যায়সেৱা প্ৰাধিকৰণৰ কাৰ্যকৰী সভাপতি কটেশ্বৰ সিঙে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ প্ৰদান কৰে ৷













