ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিশ্ব টোপনি দিৱসৰ চিন্তা : অনিদ্রাত ভুগিছে, কি কি কৰিব?

ASSAM TIMES POST by ASSAM TIMES POST
March 13, 2020
Reading Time: 1 min read
A A
0
বিশ্ব টোপনি দিৱসৰ চিন্তা : অনিদ্রাত ভুগিছে, কি কি কৰিব?

RELATED POSTS

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

0 1 e1574345654996 6 1 2 | ASSAM TIMES POST ASSAM TIMES POST

বিশেষ প্ৰতিবেদন

ক’ৰোনা ভাইৰাছক গোটে গোটে গিলি দিব পাৰে এই অসুখে। কেইবা বছৰ পূৰ্বেই গ্লোবেল এপিডেমিকৰ সতৰ্কবাণীও পাইছে! অথচ তাক লৈ বেছিভাগ মানুহৰেই কোনো কাণসাৰ নাই। সমস্যাৰ নাম টোপনিৰ অসুখ। আক্রান্তৰ হিচাব শুনিলে আচৰিত হৈ উঠাৰ কথা! শিশুৰ পৰা বয়স্ক, বিশ্বত শতকৰা প্রায় ৪৫ শতাংশ লোক টোপনিৰ অসুখত আক্রান্ত। আৰু আজি এই বিষয়ে সকলোকে সচেতন কৰিবলৈ আজি, ১৩ মার্চত বিশ্ব টোপনি দিৱস পালন কৰা হৈছে বিশ্বজুৰি।

ইণ্টাৰনেটৰ যুগত দিনে দিনে টোপনিৰ সমস্যা বাঢ়িয়েই আছে। সংখ্যাৰ হিচাবত টোপনিৰ অসুখে চেঞ্চুৰি কোবাই পেলাইছে। ৱর্ল্ড শ্লিপ ডে ২০২০ৰ ৰিজিঅনেল কো-অর্ডিনেটৰ, শ্লিপ মেডিচিন বিশেষজ্ঞ সৌৰভ দাসে জনায়, সকলো বয়সৰ মানুহৰ টোপনি সংক্রান্তীয় প্রায় এশ ধৰণৰ সমস্যা হয়। এই বিষয়ে সম্যক ধাৰণাৰ অভাৱত বেছিভাগ মানুহেই জীৱনৰ অনেক সময় পাৰ কৰিছে। আৰু ইয়াৰ ফলত নানান লাইফষ্টাইল ডিজিজে শৰীৰত বাহ লৈছে। এই বিষয়ে বিশ্বজুৰি সচেতনতা বঢ়াবলৈ ৱর্ল্ড এছোচিয়েছন অব শ্লিপ মেডিচিনে ২০০৮ চনত প্রথম ‘শ্লিপ ডে’ পালন কৰাৰ সিদ্ধান্ত লয়। তাৰ পিছৰ পৰাই বিশ্বজুৰি মার্চ মাহৰ দ্বিতীয়টো শুক্রবাৰে বিশ্ব টোপনি দিৱস পালন কৰা আৰম্ভ হৈছে।

PHOTO DIPHU 2 | ASSAM TIMES POSTPHOTO DIPHU 1 | ASSAM TIMES POST

টোপনিৰ প্রয়োজনীয়তাৰ লগে লগে টোপনি সংক্রান্তীয় নানান সমস্যা— এডিনয়েড, ইনছোমনিয়া, অবষ্ট্ৰাকটিভ শ্লিপ এপনিয়া, ৰেষ্টলেছ লেগ ছিনড্রম, ছোমনামবুলিজিম সহিতে আৰু কিছু অসুখ সম্পর্কে সাধাৰণ মানুহক সচেতন কৰাৰ চেষ্টা চলিছে। এই কথা কয় শ্লিপ এপ্নিয়া ছার্জন উত্তম আগৰৱালাই। হিচাব অনুযায়ী, মানুহৰ জীৱনৰ এক তৃতীয়াংশ টোপনিতেই পাৰ হয়। টোপনিক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ ধাৰণা পোষণ কৰে। কোনোৱে যদি দিনটোৰ আধা শুই থাকিব বিচাৰে, কোনোৱে আকৌ ২-৩ ঘণ্টা টোপনিয়েই যথেষ্ট বুলি কব খোজে। কিন্তু এই ধাৰণা যুক্তিহীন। বৰং নিয়ম মতে গভীৰ টোপনি ন’হলে নানান শাৰীৰিক আৰু মানসিক সমস্যাৰ সম্মুখীন হ’বলগা হয়।

ভাল টোপনি নির্ভৰ কৰে তিনিটা বস্তুৰ ওপৰত বুলি প্ৰকাশ কৰে চিকিৎসক সৌৰভ দাসে :

১) সময়- শিশুসকলে ৮–৯ ঘণ্টা আৰু পূর্ণবয়স্কসকলৰ ৭–৮ ঘণ্টা টোপনিৰ প্ৰয়োজন।
২) ধাৰাবাহিকতা আৰু ৩) গভীৰতা। ভাল টোপনিৰ বাবে এই তিনিট বিষয়ৰ ওপৰত লক্ষ্য ৰখা উচিত।
আজিকালি শিশুৰ পৰা বয়স্ক, অনেকেই ছচিয়েল নেটৱর্কিঙত চাট কৰি কৰি মাজনিশা পর্যন্ত সাৰে থাকে। এইটোৱে অভ্যাসত পৰিণত হৈ যায়। একে ধৰণে নিশা একাধিকবাৰ বাথৰূমলৈ যোৱাৰ প্ৰয়োজন হয়। সেয়ে টোপনিৰ সময়, গভীৰতা আৰু নিৰৱিচ্ছিন্নতা— এই তিনিওটাৰেই অভাৱ দেখা যায়। ইয়াৰ কাৰণ নানান অসুখ আৰু মনঃসংযোগৰ অভাৱ। আনহাতে, নাকৰ শব্দ উঠা অসুখক লৈও সচেতনতা বহু বাঢ়িছে। ইয়াৰ ডাক্তৰী নাম অবষ্ট্ৰাক্টিভ শ্লিপ এপনিয়া বা অএছএ। এই অসুখ থাকিলে টোপনিত বিকট শব্দ কৰি নাক বাজে। সঠিক চিকিৎসাত এই সমস্যা সমাধান নকৰিলে উচ্চ ৰক্তচাপ, হার্টৰ অসুখ সহিতে নানান সমস্যাই শৰীৰত বাহ লয়। শিশুসকলৰো নাক বাজাৰ অসুখ হয়। বাঢ়ি উঠা এডিনয়েড গ্লেণ্ড বাদ দিলেই সমস্যাৰ পৰা হাত মুক্তি পোৱা যায় বুলি প্ৰকাশ কৰে চিকিৎসক উত্তম আগৰৱালাই।

কম টোপনিৰ অপকাৰিতা

কমকৈ শুলে ডিপ্রেচন বাঢ়ে, মনঃসংযোগ কমি যায়। অফিচৰ কাম হওক বা অন্যান্য পেছাদাৰী কামত মাৰাত্মক প্রভাৱ পৰে। পাৰফৰমেন্স বেয়া হয়। শিশুসকল পঢ়া-শুনাত অমনোযোগী হৈ পৰে। ৰিজাল্ট বোয়া হবলৈ আৰম্ভ কৰে।

• বন্ধু-বান্ধৱ, সহকর্মী, আনকি পৰিয়ালৰ লোকসকলৰ সৈতেও সম্পর্ক বেয়া হবলৈ আৰম্ভ কৰে। ধৈর্য্য কমি যায়। মেজাজ সোনকালে বেয়া হয়।

• দিনৰ পিছত দিন ধৰি কম টোপনি হলে ক্ষিপ্রতা কমি যায়।

• বেছিভাগ শ্লিপ ডিজঅর্ডাৰৰ পৰা হাত সাৰিব পৰা যায়। কিন্তু এক-তৃতীয়াংশৰ কম সংখ্যক মানুহহে এই সমস্যাৰ বাবে কোনো বিশেষজ্ঞৰ কাষ চাপে।

• সদায় সাত-আঠ ঘণ্টা টোপনি জৰুৰী। সৰুসকলৰ আৰু বেছি টোপনিৰ প্ৰয়োজন।

• টোপনিত গ্রথ হৰমন বেছি নিঃসৃত হয়। সেয়ে শিশুসকল কমকৈ শুলে তেওঁলোকৰ শ্ৰীবৃদ্ধি ঠিকমতে নহয়।

• দুই-এদিনৰ টোপনিৰ সমস্যা হ’ব পাৰে। কিন্তু যদি মাহধৰি টোপনিৰ অসুবিধা হৈ থাকে, তেতিয়া অৱশ্যেই এজন নিদ্রা বিশেষজ্ঞৰ পৰামর্শ লওক। ভালকৈ শুই সুস্থ থাকক।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured2
Share10Tweet6Send

Related Posts

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস
Assam

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

by News Desk
September 8, 2026
52
Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Assam

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

by News Desk
September 8, 2026
52
Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন
Assam

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

by News Desk
September 8, 2026
52
হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন
Assam

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

by News Desk
September 8, 2026
51
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by News Desk
September 7, 2026
51
জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান
Assam

জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান

by News Desk
September 7, 2026
50
ADVERTISEMENT
Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ
DIPHU

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026
50
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প
National-International

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

September 9, 2026
50
Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ
National-International

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

September 9, 2026
50
Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী
National-International

Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

September 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

September 9, 2026
Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

September 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d