
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে (Hemanta Soren) সোমবাৰে নিশা ঘোষণা কৰিছিল যে ঝাৰখণ্ড লোকসেৱা আয়োগ আৰু ঝাৰখণ্ড কৰ্মচাৰী বাছনি আয়োগৰ নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগৰ বাবে বাতিল (Recruitment exam cancelled) কৰা হ’ব। সেই নিশা চৰকাৰে এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰিছিল। কিন্তু বৃহস্পতিবাৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে (Jharkhand High Court) হেমন্ত চৰকাৰৰ সিদ্ধান্ত স্থগিত (Government decision suspended) ৰাখে।
ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশত পৰীক্ষাত উত্তীৰ্ণ হোৱা চাকৰি প্ৰত্যাশীসকলক সাময়িকভাৱে সকাহ দিছে। চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদত মঙলবাৰৰ পৰা ৰাজধানী ৰাঁচীত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল বহু লোকে। পৰীক্ষাত উত্তীৰ্ণ হোৱা চাকৰি প্ৰত্যাশীসকলৰ হৈ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত চাৰিখন আবেদন দাখিল কৰা হয়। তাত ৰাজ্য চৰকাৰে ২২টা নিযুক্তি পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনায়।

আবেদনকাৰীসকলৰ ভিতৰত আছিল একাদশ আৰু ত্ৰয়োদশ জেপিএছচিৰ সংযুক্ত অসামৰিক সেৱা পৰীক্ষা, জেপিএছচি (সংযুক্ত স্নাতক স্তৰ বা চিজিএল) আৰু খাদ্য সুৰক্ষা বিষয়া পৰীক্ষাত সফল পৰীক্ষাৰ্থী। তেওঁলোকৰ যুক্তি আছিল যে সফল প্ৰাৰ্থীসকলক তেওঁলোকৰ মতামত দাঙি ধৰাৰ সুযোগ নিদিয়াকৈ চৰকাৰে একপক্ষীয়ভাৱে পৰীক্ষা আৰু নিযুক্তি বাতিল কৰিলে।
ইতিমধ্যে কেইবাজনো আবেদনকাৰী নিৰ্বাচিত হৈ চৰকাৰী সেৱাত যোগদান কৰিছিল। তেওঁলোকৰ বহুতেই আন চাকৰি এৰি থৈ গৈছিল। ফলত পৰীক্ষা আৰু নিযুক্তি বাতিলৰ বাবে তেওঁলোকৰ জীৱন আৰু জীৱিকা অনিশ্চিত হৈ পৰিছে। আদালতে সেই যুক্তিৰ মূল কথা মানি লয়।












