
কলকাতাৰ নিউ মাৰ্কেটৰ (New Market, Kolkata) শিখা ইন হোটেলত (Shikha in hotel) সংঘটিত অগ্নিকাণ্ডত (Fire) নিহতসকলৰ ভিতৰত পাঁচজন বাংলাদেশী (Five Bangladeshis) নাগৰিক চিনাক্ত কৰা হৈছে। ইয়াৰে চাৰিজন একেটা পৰিয়ালৰ (4 of same family)। বাংলাদেশৰ কুষ্টিয়া জিলাৰ বাসিন্দা দেৱাশীষ দত্ত, পত্নী আফছানা শৰ্মিন, তিনি বছৰীয়া পুত্ৰ শৰণাশীষ দত্ত আৰু শহুৰেক মহম্মদ আক্ৰাম। নিহত পঞ্চমজন হৈছে ঢাকাৰ সাৱৰৰ নিবাসী বাবু আহমেদ।
বাংলাদেশৰ কুষ্টিয়া জিলাৰ এগৰাকী সাংবাদিক দেৱাশীষ। তেওঁ আছিল ‘আজাকেৰ পত্ৰিকা’ৰ কুষ্টিয়া জিলা সংবাদদাতা। যোৱা ৩ আগষ্টত পুত্ৰ আৰু শহুৰেকৰ চিকিৎসাৰ বাবে ভাৰতলৈ আহিছিল তেওঁলোক। বেংগালুৰুৰ এখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি ১৮ আগষ্টত বিমানেৰে কলকাতালৈ উভতিছিল।কলকাতাৰ পৰা বাংলাদেশলৈ উভতি যোৱাৰ কথা আছিল।

উল্লেখযোগ্য যে বুধবাৰে ব্যৱসায়িক কামত কলকাতাত আছিল মালদাৰ বাসিন্দা কৃষ্ণ নন্দী। বাংলাদেশৰ উপ উচ্চায়ুক্তৰ সৈতে যোগাযোগ কৰাত তেওঁ নিউ মাৰ্কেট থানালৈ যায় আৰু পিছত কলকাতা আৰক্ষীৰ মৰ্গলৈ গৈ মৃতদেহ চিনাক্ত কৰে।
কুষ্টিয়াত থকা দেৱাশীষৰ সহকৰ্মী তামিম আদনানৰ সৈতে যোগাযোগ কৰাত তেওঁ কয়, “দেৱাশীষৰ এগৰাকী কন্যাও আছে। তেওঁৰ বয়স আঠ বছৰ। দেৱাশীষৰ পিতৃ-মাতৃও জীয়াই আছে।তেওঁলোকে অগ্নিকাণ্ডৰ খবৰ পাই চিন্তিত হৈ পৰিছিল।তেওঁলোকে সোধা-পোছা কৰিবলৈ আৰম্ভ কৰিছিল।বিয়লি ২.৩০ বজাৰ ভিতৰত তেওঁলোকে কলকাতাৰ এক সূত্ৰৰ পৰা নিশ্চিত কৰিছিল যে দেৱাশীষ আৰু তেওঁৰ পত্নী, শিশু আৰু শহুৰেকৰ মৃত্যু হৈছে এই অগ্নিকাণ্ডত। বৰ্তমানলৈকে মৃতকৰ ৬ জনক চিনাক্ত কৰা হৈছে। বাকী তিনিজনৰ চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত আছে।











