
ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিও গোৰে (U.S. Ambassador Sergio Gore) কয় যে জম্মু-কাশ্মীৰ (Jammu Kashmir) ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংগ (An important part of India)। এই মন্তব্যক লৈ বুধবাৰে ইছলামাবাদে আমেৰিকাৰ দূতাবাসৰ পাকিস্তানৰ ভাৰপ্ৰাপ্ত বিষয়াক তলব কৰে। ইছলামাবাদে (Islamabad) গোৰৰ এই মন্তব্য (Gora’s comment)ৰ বিৰোধিতা কৰি এক বিবৃতি প্ৰকাশ (Expressing statement in opposition) কৰে।
প্ৰথম কাশ্মীৰ ভ্ৰমণ আৰু মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক সাক্ষাৎ কৰি চাৰ্জিঅ’ই কয় যে জম্মু-কাশ্মীৰ ভাৰতৰ অংগ। ইয়াৰ উপৰি তেওঁ কয় যে আমেৰিকাৰ নাগৰিকসকলক এই অঞ্চললৈ যাত্ৰা কৰিবলৈ দিয়া পৰামৰ্শৰ ক্ষেত্ৰত কেইবাটাও পৰিৱৰ্তন কৰা হ’ব।

ইছলামাবাদে এই মন্তব্য ‘দায়িত্বজ্ঞানহীন’ বুলি দাবী কৰি ইয়াৰ বিৰোধিতা কৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ আৰু অঞ্চলটোত বসবাস কৰা জনসাধাৰণৰ প্ৰয়োজন অনুসৰি জম্মু-কাশ্মীৰৰ সৈতে জড়িত বিষয়টো সমাধানৰ বাবে অপেক্ষাত আছে। ইছলামাবাদে দাবী কৰে যে গোৰৰ এই মন্তব্য আন্তঃৰাষ্ট্ৰীয় আইনৰ ক্ষেত্ৰত আমেৰিকাৰ ঘোষিত স্থিতিৰ সৈতে মিল নাই।
আনহাতে, বৃহস্পতিবাৰে লাডাখ ভ্ৰমণ কৰিবলৈ গৈ আছে ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকী। তেওঁৰ মন্তব্যই পাকিস্তানৰ এই পদক্ষেপত প্ৰেৰণা যোগাইছিল।











