
তেলেংগানাত (Telengana) এগৰাকী প্ৰধান শিক্ষয়িত্ৰীক হত্যা (Killing of the headmistress) কৰাৰ অভিযোগ উত্থাপন (Raise a complaint) হৈছে তেওঁৰ বিদ্যালয়ৰে দুগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ বিৰুদ্ধে (Against two tenth-grade students of the school)। নিহত শিক্ষয়িত্ৰীগৰাকীৰ নাম কল্লু ৰূপা ৰেড্ডী। নলগোণ্ডাৰ কণ্ডামল্লেপল্লীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছিল তেওঁ। ১২ আগষ্টত উদ্ধাৰ হয় তেওঁৰ ক্ষত-বিক্ষত মৃতদেহ।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰূপাক ২৭ বাৰ প্ৰহাৰ কৰা হৈছিল। তেওঁৰ স্বামী কৰ্মসূত্ৰে হায়দৰাবাদলৈ গৈছিল। তেওঁ পত্নীক ফোন কৰি কোনো সঁহাৰি নোপোৱাত তেওঁ চুবুৰীয়াক বিচাৰিবলৈ কয়। তেওঁলোকেই ঘৰত পৰি থকা অৱস্থাত ৰূপাক প্ৰথম দেখে। লগে লগে আৰক্ষীক ফোন কৰে। ৰূপাৰ স্বামীকো বিষয়টো অৱগত কৰে। অভিজাত এলেকাত সংঘটিত এনে হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিন্তু ৰূপাক কোনে হত্যা কৰিলে আৰক্ষীয়ে এই উত্তৰ বিচাৰিবলৈ আৰম্ভ কৰি তেওঁৰ মোবাইল কলৰ ৰেকৰ্ড শুনাত ‘বাবু’ শব্দটো শুনা যায়। সেই সময়ত ৰূপাই আত্মীয় এজনৰ লগত কথা পাতি আছিল। সেই কথা-বতৰাৰ পৰা তদন্তকাৰীয়ে ‘বাবু’ শব্দটো উদ্ধাৰ কৰে আৰু এই ৰহস্যময় শব্দটোৱে শিক্ষয়িত্ৰীগৰাকীৰ হত্যাকাৰীৰ সন্ধান দিয়ে। আৰক্ষী বিষয়া শৰৎ চন্দ্ৰই সাংবাদিকৰ আগত কয় যে সেই শব্দৰ ভিত্তিত আক্ৰমণকাৰী দুজনৰ সন্ধান উলিওৱা হৈছে।

তদন্তকাৰীয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পৃথকে পৃথকে সোধা-পোছা কৰিবলৈ আৰম্ভ কৰে। তাৰ পৰাই ৫জন লোকক সন্দেহ কৰে। আটাইকেইজনেই আছিল দশম শ্ৰেণীৰ ছাত্ৰ। কেইবাদিনো বিদ্যালয়লৈ অহা নাছিল পাঁচোজন। উল্লেখ্য যে শিক্ষয়িত্ৰীগৰাকীক হত্যা কৰাৰ পিছৰে পৰা পাঁচোজন বিদ্যালয়লৈ অহা নাছিল। তদন্তকাৰীয়ে জানিবলৈ দিয়ে যে পাঁচোজন ছাত্ৰৰ ভিতৰত দুগৰাকীয়ে বহু টকা খৰচ কৰিছে। আনকি বন্ধু-বান্ধৱীৰ সৈতে কেইবাটাও পাৰ্টীও খাইছিল। বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাত্ৰ দুজনক। তদন্তকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, জেৰাৰ সময়ত দুয়োজনে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে কেইবাদিনো পূৰ্বে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে অভিযুক্তক মোবাইল ফোন আৰু বেগত ধন উদ্ধাৰ কৰাৰ বাবে গালি পাৰিছিল। কেৱল সেয়াই নহয়, তেওঁ ছাত্ৰ দুজনৰ অভিভাৱককো ফোন কৰি বিষয়টোৰ বিষয়ে অৱগত কৰে। ক্ষোভত শিক্ষয়িত্ৰীগৰাকীক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
তদন্তকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, শিক্ষয়িত্ৰীগৰাকীৰ ওপৰত আক্ৰমণৰ ঘটনা আগতীয়াকৈ পৰিকল্পনা কৰা হৈছিল। পাঁচদিন ধৰি দুজন ছাত্ৰই তেওঁৰ ঘৰ নিৰীক্ষণ কৰি আছিল। কোনোধৰণৰ প্ৰমাণ যাতে থাকি নাযায় তাৰ বাবে গ্ল’ভছ পিন্ধি গৈছিল। ঘটনাৰ দিনা অভিযুক্তই মুখ ঢাকি শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত প্ৰৱেশ কৰে। সিহঁতে জানিছিল যে তেওঁ ঘৰত অকলে আছে। ঘৰত প্ৰৱেশ কৰি ২.৫ লাখ টকা চুৰি কৰি থাকোঁতে এজন ছাত্ৰৰ ফেচ মাস্ক সৰি পৰে। শিক্ষয়িত্ৰীগৰাকীয়ে চিনি পাইছে বুলি ভয়তে তেওঁৰ ওপৰত আক্ৰমণ কৰে। ২৭ বাৰকৈ ছুৰীৰে আঘাত কৰে। ইয়াৰ পিছতে পইচা লৈ পলায়ন কৰে ছাত্ৰ দুজনে। ইয়াৰ পিছত টকাখিনি লৈ গোৱা ভ্ৰমণলৈ যায়। আৰক্ষীয়ে ছাত্ৰ দুজনৰ পৰা নগদ ডেৰ লাখ টকা, এটা আইফোন আৰু শিক্ষয়িত্ৰীগৰাকীৰ ফোনটো উদ্ধাৰ কৰে।












