ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

নিউজ ডেস্কঃ

News Desk by News Desk
July 14, 2026
Reading Time: 1 min read
A A
0
Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

মধ্যপ্ৰদেশৰ ভোজশালা (Madhya Pradesh Bhojshala) চৌহদত নহয়, তাৰ কাষতে নামাজ আদায় (Praying Namaz nearby) কৰিব পাৰিব মুছলমানসকলে। মধ্যপ্ৰদেশ চৰকাৰে নামাজ পঢ়াৰ বাবে খালী ঠাইৰ ব্যৱস্থা কৰিব লাগিব। এই নিৰ্দেশ মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে দিয়ে। বৰ্তমান সেই খালী ঠাইত প্ৰতি শুকুৰবাৰে দুপৰীয়া ১ বজাৰ পৰা ৩ বজালৈ নামাজ পঢ়িব পাৰিব। যোৱা মে’ মাহত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে ভোজশালা চৌহদৰ বিতৰ্কিত অংশটোক মন্দিৰ হিচাপে ঘোষণা কৰিছিল। মন্দিৰ ঘোষণাৰ পূৰ্বে মুছলমানসকলে প্ৰতি শুকুৰবাৰে ভোজশালা চৌহদত নামাজ আদায় কৰিব পাৰিছিল। সেই স্থিতি পুনৰ ঘূৰাই আনিবলৈ অৰ্থাৎ ভোজশালা চৌহদত পুনৰ প্ৰাৰ্থনা কৰিবলৈ অনুমতি দিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল। কিন্তু মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠে এই আবেদন খাৰিজ কৰে।

ভোজশালা চৌহদৰ সমীপত নামাজ পঢ়াৰ বিষয়টো অস্থায়ী ব্যৱস্থা বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে। এই অস্থায়ী ব্যৱস্থা গোচৰৰ চূড়ান্ত নিষ্পত্তি নোহোৱালৈকে চলি থাকিব বুলি জনোৱা হৈছে। উচ্চতম ন্যায়ালয়ে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপক অৱগত কৰিছে যে আদালতৰ অনুমতি অবিহনে ভোজশালা চৌহদত কোনো ধৰণৰ গাঁথনিগত পৰিৱৰ্তন কৰিব নোৱাৰিব।

mp | ASSAM TIMES POST
ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

ভোজশালা চৌহদ সন্দৰ্ভত হিন্দু আৰু মুছলমান দুয়োটা দলকে ধৈৰ্য ধৰিবলৈ আবেদন জনাইছে শীৰ্ষ আদালতে। বিষয়টোৰ সংবেদনশীলতাৰ কথা মনত ৰাখি সতৰ্কতাৰে আগবাঢ়িব বিচাৰিছে বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে।

মধ্যপ্ৰদেশৰ ধৰ চহৰৰ প্ৰায় হাজাৰ বছৰীয়া কমল মৌলানা দৰগাহ আৰু মছজিদ দীৰ্ঘদিন ধৰি বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ আহিছে। হিন্দুত্ববাদী কৰ্মীসকলে দাবী কৰে যে এই স্মৃতিসৌধটো আচলতে ৰাজা ভোজে নিৰ্মাণ কৰা প্ৰাচীন সৰস্বতী মন্দিৰ। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বিবাদিত অঞ্চলটোৰ ‘বৈজ্ঞানিক জৰীপ’ চলায়। মে’ মাহত উচ্চ ন্যায়ালয়ে কয় যে বিভিন্ন প্ৰমাণ বিশ্লেষণ কৰি এই স্থানত হিন্দু পূজাৰ ধাৰাবাহিকতা কেতিয়াও নিৰ্বাপিত হোৱা নাই বুলি ধৰা পৰিছে। ঐতিহাসিক সাহিত্যয়ো প্ৰমাণ কৰে যে বিবাদিত অঞ্চলটোত ৰাজা ভোজৰ সংস্কৃত শিক্ষণ কেন্দ্ৰ আছিল। যাৰ বাবে অঞ্চলটোক মন্দিৰ হিচাপে ঘোষণা কৰা হৈছে।

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে এই বিষয়টো এতিয়াও শীৰ্ষ আদালতত বিচাৰাধীন হৈ আছে।

Tags: BhojshalaTemple
Share4Tweet3Send

Related Posts

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ
National-International

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

by News Desk
July 14, 2026
50
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

by Staff Reporter
July 14, 2026
50
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ
National-International

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

by News Desk
July 14, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

by Staff Reporter
July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

by Staff Reporter
July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
50
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ
National-International

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026
50
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026
50
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ
National-International

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx