
অযোধ্যাৰ ৰাম জন্মভূমি মন্দিৰ আৰু উত্তৰাখণ্ডৰ বদ্ৰীনাথ মন্দিৰত ভক্তৰ দানৰ ধন আত্মসাৎ কৰাৰ অভিযোগৰ বিতৰ্কৰ মাজতে এইবাৰ গুজৰাটৰ বানাস্কাঠা (Banaskantha of Gujarat) জিলাৰ অম্বাজী মন্দিৰতো (Ambaji temple) প্ৰণামী চুৰিৰ অভিযোগ (Accusation of theft of donation) পোহৰলৈ আহিছে। চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা পুৰণি চিচিটিভি ফুটেজ, য’ত দান বাকচৰ পৰা ধন চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰি দাবী কৰা হৈছে।
ফাদিল হোৱা ভিডিঅ’টোৰ মতে মন্দিৰৰ ধন গণনা কক্ষৰ পৰা ১ লাখ টকা চুৰি কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত ধৰা পৰে এজন বাহিৰৰ পৰা নিয়োগ কৰা শ্ৰমিক। মন্দিৰ কৰ্তৃপক্ষই দাবী কৰিছে যে এই ঘটনা মে’ মাহত সংঘটিত হৈছিল। অভিযুক্ত চিৰাগ ঠাকুৰে ভক্তৰ দান গণনা কৰি নগদ ধনৰ বাণ্ডিল চুৰি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, শৌচাগাৰলৈ যোৱাৰ অজুহাতত বাহিৰলৈ ওলাই যোৱাৰ সময়ত অভিযুক্তৰ পকেটৰ পৰা ধনৰ বাণ্ডিলটো পৰে।

এই ঘটনাৰ পিছতে তদন্তৰ নিৰ্দেশ দিয়া হয়। তদন্তত আৰু দুজন বাহিৰা শ্ৰমিক জড়িত থকাৰ কথাও পোহৰলৈ আহিছে। মন্দিৰ প্ৰশাসনে এফআইআৰ দাখিল কৰাৰ পিছত তিনিওজনকে গ্ৰেপ্তাৰ কৰি ততাতৈয়াকৈ কামৰ পৰা বৰ্খাস্ত কৰা হয়। বানাস্কাঠা জিলা দণ্ডাধীশ তথা ‘শ্ৰী আৰাছুৰী আম্বাজী মাতা দেৱস্থান ট্ৰাষ্ট’ৰ পৰিচালন ট্ৰাষ্টী মিহিৰ পেটেলে এই ঘটনা সন্দৰ্ভত কয় যে ট্ৰাষ্টে স্বচ্ছতা বৃদ্ধি আৰু ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধ কৰিবলৈ বিশদ মানক পৰিচালন পদ্ধতি (SOP) প্ৰৱৰ্তন কৰিছে। তেওঁ কয়, “অভিযুক্ত কৰ্মচাৰী তিনিজনক তৎক্ষণাত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। ইয়াৰ পিছতে প্ৰণামী গণনাৰ প্ৰক্ৰিয়াটো অধিক ত্ৰুটিহীন কৰি তোলাৰ বাবে নতুন এছ অ’ পি ঘোষণা কৰা হয়।”











