ASSAM TIMES POST
নিউজ ডেস্ক: যোৱা শুক্ৰবাৰৰ পৰা গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰাইজৰ মৰম শিল্পী জুবিন গাৰ্গক নিয়া হব মুম্বাইলৈ।বৰ্তমান শিল্পী গৰাকী প্ৰায় সুস্থ যদিও উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হব পাৰে মুম্বাইলৈ। উল্লেখ যে শিল্পীগৰাকী পৰিয়াল আৰু ঘনিষ্ঠ মহলৰ এক সূত্ৰই জানিব দিয়া অনুসৰি জুবিন প্ৰায়ে সুস্থ যদিও স্নায়ুজনিত কিছু সমস্যা থকা বাবে মুম্বাইলৈ নিবলৈ প্ৰস্তুতি চলোৱা বুলি উল্লেখ কৰিছে।লগতে তেওঁলোকে জানিবলৈ দিছে যদি তেওঁক মুম্বাই লৈ নিয়া হয় তেন্তে দুই-এদিনতে নিয়া হব পাৰে মুম্বাইলৈ। মুম্বাইত থকা একাংশ শিল্পীয়ে এই ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ উদ্যোগ।
গুৰুত্বপূৰ্ণ কথা এই যে বৃক্ক, যকৃতকে ধৰি শিল্পী গৰাকীৰ সকলোবোৰ অংগই সুচল ভাৱে ক্ৰিয়া কৰি আছে।স্নায়ুজনিত সমস্যা সম্পূৰ্ন সুস্থ কৰিব বাবে মুম্বাইলৈ নিব লগা প্ৰয়োজন থকা বুলি উল্লেখ কৰিছে।অৱশ্যে এই কথা আনুষ্ঠানিক ঘোষণালৈ এতিয়াও বাকী।