
ড’নাল্ড ট্ৰাম্পে জিয়ানি ইনফাণ্টিনোক ফোন কৰা বুলি কৰা দাবী ফিফাৰ সভাপতিগৰাকীয়ে স্বীকাৰ কৰিছে। বিশ্বকাপৰ সময়ত (Fifa Worldcup) সংঘটিত ৰঙা কাৰ্ডৰ বিতৰ্কক লৈ তেওঁ এইবাৰ মুকলিকৈ কৈছে। ইনফাণ্টিনোৱে কয় যে ট্ৰাম্পে তেওঁক ফোন কৰিলেও এই সিদ্ধান্তত তেওঁৰ কোনো প্ৰভাৱ নাছিল।

ফিফাই এক বিবৃতি প্ৰকাশ কৰি ইনফাণ্টিনোৱে কয়, “হয়, ট্ৰাম্পে মোক ফোন কৰিছিল। বিশ্বকাপ আয়োজনৰ বিষয়ে তেওঁৰ সৈতে প্ৰায়ে কথা পাতিছিলোঁ। অৱশ্যে ৰঙা কাৰ্ডৰ ক্ষেত্ৰত ফিফাৰ সিদ্ধান্তত তেওঁৰ কোনো প্ৰভাৱ নাছিল।
মই তেওঁক ক’ওঁ যে ফিফাৰ অনুশাসন সমিতিখনে আলোচনা কৰি আছে। তেওঁলোকে সকলো সিদ্ধান্ত ল’ব। ইয়াৰ সৈতে আপোনাৰ বা মোৰ কোনো সম্পৰ্ক নাই।”
ইনফাণ্টিনোৱে দাবী কৰে, “সকলো কাম নিয়মৰ ভিতৰতে কৰা হৈছিল। একোৱেই কাৰো প্ৰভাৱত পৰা নাছিল। ফ’লাৰিন বালোগুনৰ নিলম্বন উঠাই লোৱাৰ সিদ্ধান্তক লৈ ছ’চিয়েল মিডিয়াত বহু চৰ্চা চলিছে। মই সকলোকে ক’ব বিচাৰোঁ যে ফিফাৰ অনুশাসন সমিতিয়ে ফিফাৰ নিয়ম অনুসৰি সকলো কাম কৰিছে।”
ইয়াৰ পূৰ্বে হোৱাইট হাউছত ট্ৰাম্পে কয়, “মই ফিফাক এই সিদ্ধান্ত পুনৰীক্ষণ কৰিবলৈ কৈছিলোঁ। কাৰণ মই ইয়াক ফাউল বুলি ভবা নাছিলোঁ। মই মাত্ৰ তেওঁলোকক আৰু এবাৰ পুনৰৰীক্ষণ কৰিবলৈ কৈছিলোঁ। মই তেওঁলোকক সিদ্ধান্ত সলনি কৰিবলৈ নিৰ্দেশ দিয়া নাছিলোঁ।”
ট্ৰাম্পে লগতে কয়, “মই জীৱনত কেতিয়াও এনেকুৱা হোৱা দেখা নাই। মই খেলখন চাইছিলোঁ। এয়া কোনো প্ৰকাৰে ফাউল নাছিল। কোনো নিয়ম ভংগ হোৱা নাছিল। পূৰ্ণ গতিৰে দৌৰি থকা দুজন ফুটবলাৰৰ ইজনে সিজনৰ লগত সংঘৰ্ষ হৈছিল। ইমানেই।”
তেওঁ ব্ৰাজিলৰ ৰেফাৰী ৰাফেল ক্ল’জৰ বিশ্বাসযোগ্যতাক লৈয়ো প্ৰশ্ন উত্থাপন কৰি কয়, “মই উক্ত ৰেফাৰীজনক যথেষ্ট সন্দেহজনক বুলি বিবেচনা কৰোঁ। তেওঁৰ অতীতলৈ চালে সেইটো বুজিব পাৰিব। মই আৰু কোনো কথা কৈ বিতৰ্কত যোগ দিব নিবিচাৰোঁ। কিন্তু তেওঁ যথেষ্ট সন্দেহজনক।”











