ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Staff Reporter by Staff Reporter
July 7, 2026
Reading Time: 1 min read
A A
0
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

ৰাম মন্দিৰত প্ৰণামী চুৰি হোৱাক (Ram mandir controversy) লৈ বিতৰ্কৰ মাজতে অযোধ্যাস্থিত ‘শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট’ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বিদায়ী সাধাৰণ সম্পাদক চম্পত ৰায়ৰ পদত্যাগ তাত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়।

Ram Mandir controversy I
ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ:

চম্পতৰ ঠাই ল’ব বজৰং বাগ্ৰাই। চম্পতৰ দৰে বাগ্ৰাও বিশ্ব হিন্দু পৰিষদৰ নেতা। বৰ্তমান তেওঁ সংস্থাটোৰ আন্তঃৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক। আনহাতে, ৰাম মন্দিৰ ট্ৰাষ্টৰ পৰা পদত্যাগ কৰিও চম্পতে এতিয়াও ভি এইচ পিৰ আন্তঃৰাষ্ট্ৰীয় উপ-সভাপতিৰ পদত অধিষ্ঠিত হৈ আছে।

ৰাম মন্দিৰত ভক্তসকলে দান কৰা কোটি কোটি টকাৰ নগদ ধন আৰু বহুমূলীয়া সামগ্ৰী (গহনা আৰু ৰত্ন) চুৰি কৰাৰ অভিযোগত আঠজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত যোৱা ২৬ জুনত ‘শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট’ৰ সাধাৰণ সম্পাদক পদৰ পৰা চম্পত ৰায়ে পদত্যাগ কৰিছিল। ইয়াৰ লগতে অনিল মিশ্ৰই তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সদস্যপদ (ট্ৰাষ্টী) ত্যাগ কৰে।

উল্লেখ্য যে ২০২০ চনৰ ৫ ফেব্ৰুৱাৰীত লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ‘শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্ট’ গঠনৰ কথা ঘোষণা কৰিছিল। ট্ৰাষ্টৰ ১৫ জন সদস্যৰ ভিতৰত ১২ জন সদস্যক মোদী চৰকাৰে মনোনীত কৰে। ট্ৰাষ্টত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আই এ এছ বিষয়া প্ৰশান্ত লোখাণ্ডে বৰ্তমান চি বি এছ ইৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত সম্পাদক।

 চম্পত-অনিলৰ পদত্যাগৰ পূৰ্বে ট্ৰাষ্টৰ এজন সদস্যৰ মৃত্যু হয়। ফলত ১৪ জন সদস্য আছিল। সূত্ৰ অনুসৰি, ইয়াৰে ৯টা সংঘ পৰিয়ালৰ বিভিন্ন সংগঠনৰ সৈতে পোনপটীয়াকৈ জড়িত। ইয়াৰ বাহিৰেও আছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰাক্তন প্ৰধান সচিব নৃপেন্দ্ৰ মিশ্ৰ। তেওঁ ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ মুৰব্বী আছিল।

পেছাত চাৰ্টাৰ্ড একাউণ্টেণ্ট বাগ্ৰা ৰাজস্থানৰ ছিকাৰ জিলাৰ বাসিন্দা। চাৰি দশক ধৰি তেওঁ সংঘ পৰিয়ালৰ ঘনিষ্ঠ। অৱশ্যে ভি এইচ পিৰ সাংগঠনিক দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ আছিল এজন চৰকাৰী বিষয়া।

কেন্দ্ৰীয় খনি মন্ত্ৰালয়ৰ অধীনস্থ ‘নৱৰত্ন’ চৰকাৰী কোম্পানী ‘নেশ্যনেল এলুমিনিয়াম কোম্পানী লিমিটেড’ৰ (নালকো) অধ্যক্ষ আৰু পৰিচালন সঞ্চালক (চি এম ডি) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিত্তীয় ব্যৱস্থাপনা আৰু কৰ্প’ৰেট প্ৰশাসনত দক্ষ এইগৰাকী বিষয়াই নালকো আৰু ‘ৰাইটছ লিমিটেড’ৰ সঞ্চালক (বিত্ত) আৰু মুখ্য বিত্তীয় বিষয়াৰ পদতো কাৰ্যনিৰ্বাহ কৰিছিল।

নালকোৰ পৰা স্বেচ্ছামূলক অৱসৰ লোৱাৰ পিছত বাগ্ৰাই ভি এইচ পিৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰে। তেওঁ বহু বছৰ ধৰি সংগঠনটোৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সংগঠনৰ ভিতৰত ‘কৰ্প’ৰেট সংস্কৃতি’ অনাৰ মূল ব্যক্তি হিচাপেও তেওঁ পৰিচিত।

দেশৰ দুৰ্গম অঞ্চলৰ আদিবাসীসকলৰ শিক্ষা, স্বাস্থ্য সজাগতা আৰু সামগ্ৰিক গ্ৰাম্য উন্নয়নৰ লক্ষ্যৰে এক বৃহৎ স্বেচ্ছাসেৱী আন্দোলন ‘একল অভিযান’ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপেও বাগ্ৰাই কাৰ্যনিৰ্বাহ কৰি আহিছে। প্ৰণামী চুৰিৰ পৰিপ্ৰেক্ষিতত ৰাম মন্দিৰ পৰিচালনাৰ ক্ষেত্ৰত বিভিন্ন গুৰুতৰ গাফিলতিৰ অভিযোগত হেঁচাত পৰা ট্ৰাষ্টে এইবাৰ প্ৰশাসন চম্ভালাৰ গুৰুত্বপূৰ্ণ দায়িত্ব নিজৰ কান্ধত তুলি লৈছে।

Tags: Ram ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ডচম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
Share4Tweet3Send

Related Posts

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

by Staff Reporter
July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

by News Desk
July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

by News Desk
July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

by News Desk
July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

by News Desk
July 6, 2026
50
Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু
National-International

Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

by News Desk
July 6, 2026
50
ADVERTISEMENT
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx