
‘দৃষ্টি ১০ ষ্টাৰলাইনাৰ’ (Drishti 10 Starliner) ড্ৰ’নক (Drone)লৈ চলি থকা বিতৰ্ক এতিয়াও শেষ হোৱা নাই। তাৰ মাজতে উদ্যোগপতি গৌতম আদানীৰ গ্ৰুপে (Adani group) এইবাৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণত বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰিছে। দেওবাৰে মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাত ২.৫ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ ব্যক্তিগত ক্ষেপণাস্ত্ৰ নিৰ্মাণ কাৰখানা স্থাপনৰ আধাৰশিলা স্থাপন কৰে ‘আদানি ডিফেন্স এণ্ড এৰ’স্পেচ’-এ (Adani Defence and Aerospace)।
শিৱপুৰীৰ মিছাইল কাৰখানাত প্ৰায় ৫ হাজাৰ নতুন চাকৰিৰ সৃষ্টি হ’ব বুলি আদানি গ্ৰুপে জানিবলৈ দিয়ে। কোম্পানীটোৱে এক বিবৃতিত কয় যে ‘আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচী’ত প্ৰতিৰক্ষা উৎপাদন সম্প্ৰসাৰণৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ। শিৱপুৰী কাৰখানাটোত মধ্যম আৰু দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ব্যৱস্থা নিৰ্মাণ কৰা হ’ব। আদানি গ্ৰুপে লগতে কয় যে কম্পোজিট প্ৰপেলেণ্ট উৎপাদনৰ ব্যৱস্থা (ৰকেট আৰু মিছাইলৰ বাবে উন্নত কঠিন ইন্ধন উৎপাদন)ৰ লগতে টিএনটি আৰু অন্যান্য বিস্ফোৰক নিৰ্মাণৰ বাবে আন্তঃগাঁথনি থাকিব। কোম্পানীটোৰ অধ্যক্ষ জিত আদানিয়ে কয় যে সমগ্ৰ প্ৰকল্পটোৰ সৈতে ৫০টাতকৈও অধিক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ জড়িত হ’ব।

উল্লেখ্য যে চৰকাৰী কোম্পানী হিন্দুস্তান এৰ’নটিক্স লিমিটেড আৰু ভাৰত ডাইনামিক্সক বাদ দি আদানি গ্ৰুপে নিৰ্মাণ কৰা ‘দৃষ্টি ১০ ষ্টাৰলাইনাৰ’ চোৰাংচোৱামূলক ড্ৰ’নখন ভাৰতীয় নৌসেনাৰ বাবে ২০২৪ চনত ক্ৰয় কৰা হৈছিল। সেই সময়ত বিৰোধীয়ে অভিযোগ কৰিছিল যে ড্ৰ’ন নিৰ্মাণৰ পূৰ্বৰ কোনো অভিজ্ঞতা নথকা ‘আদানি ডিফেন্স এণ্ড এৰ’স্পেচ’ক নিয়ম উলংঘা কৰি এই ঠিকা দিয়া হৈছিল।
ইজৰাইলৰ এলবিট ছিষ্টেমছৰ সহযোগত নিৰ্মিত ‘দৃষ্টি ১০ ষ্টাৰলাইনাৰ’ ড্ৰ’নে যোৱা বছৰৰ জানুৱাৰী মাহত গুজৰাটৰ পোৰবন্দৰত উৰণ অনুশীলনৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ নতুন বিতৰ্কৰ সৃষ্টি কৰিছিল। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত আদানি গ্ৰুপে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত লাইট মেচিনগান (এলএমজি), অটোমেটিক ৰাইফল (এছএলআৰ) আৰু কাৰ্বাইন আদি আগ্নেয়াস্ত্ৰ নিৰ্মাণৰ বাবে এটা কাৰখানা আৰম্ভ কৰে। সূত্ৰ অনুসৰি, তেওঁলোকে শিৱপুৰী কাৰখানাত ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ সৈতে যৌথ উদ্যোগত পৰৱৰ্তী প্ৰজন্মৰ ‘ইউ এ ভি লঞ্চড প্ৰিচিচন গাইডেড মিছাইল’ (ইউএলপিজিএম) নিৰ্মাণ কৰিব।











