ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

AirTrunk I ২০৩০ চনৰ ভিতৰত দেশত ৩ লাখ কোটি বিনিয়োগৰ পথত এয়াৰট্ৰাংক

Staff Reporter by Staff Reporter
June 6, 2026
Reading Time: 1 min read
A A
0
AirTrunk I ২০৩০ চনৰ ভিতৰত দেশত ৩ লাখ কোটি বিনিয়োগৰ পথত এয়াৰট্ৰাংক

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

দেশৰ ডিজিটেল জগতখনত এক বৃহৎ বিনিয়োগ আহিবলৈ ওলাইছে। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ডাটা চেণ্টাৰ কোম্পানী ‘এয়াৰট্ৰাংক’(Airtrunk) এ ২০৩০ চনৰ ভিতৰত ভাৰতত ৩ লাখ কোটিতকৈ অধিক টকা বিনিয়োগ কৰিবলৈ ওলাইছে। জ্ঞাত সূত্ৰৰ মতে, কোম্পানীটোৰ এই বৃহৎ পদক্ষেপে একেটা ঢাপতে বিশ্বৰ বজাৰত ভাৰতৰ গুৰুত্ব বৃদ্ধি কৰিব।

AirTrunk I
২০৩০ চনৰ ভিতৰত দেশত ৩ লাখ কোটি বিনিয়োগৰ পথত এয়াৰট্ৰাংক:

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এয়াৰট্ৰাংকৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ৰবীন খুডাৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। উক্ত বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীয়ে এই মেগা ইনভেষ্টমেণ্টৰ কথা ঘোষণা কৰে। এই বহুজাতিক কোম্পানীটোৱে ভাৰতত মুঠ ৫ গিগাৱাট ডাটা চেণ্টাৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া এক্সত লিখিছে, “ভাৰতৰ ডিজিটেল আন্তঃগাঁথনি এতিয়া বৃহৎ গতিৰে আগবাঢ়িছে। এয়াৰট্ৰাংকে ভাৰতত প্ৰায় ৩ লাখ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছে। এয়া দেশৰ ডিজিটেল জগতৰ অন্যতম বৃহৎ বিনিয়োগ হ’বলৈ গৈ আছে।” মোদীয়ে লগতে কয় যে এই বিনিয়োগে ভাৰতক ‘ক্লাউড কম্পিউটিং’ আৰু এআইৰ বিশ্ব মঞ্চত এক বৃহৎ অগ্ৰণী হ’ব। কেৱল সেয়াই নহয়, ইয়াৰ দ্বাৰা দেশৰ বজাৰত চাকৰিৰ সুযোগ বৃদ্ধি হোৱাৰ লগতে নতুন প্ৰযুক্তিৰ সৃষ্টি হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয়, “এয়া স্পষ্ট যে বিশ্বৰ ডিজিটেল অৰ্থনীতিৰ ভৱিষ্যত ভাৰতত সৃষ্টি হৈছে।” এয়াৰট্ৰাংকে মূলতঃ এছিয়া-পেচিফিক আৰু মধ্যপ্ৰাচ্যৰ বৃহৎ প্ৰযুক্তি আৰু ইণ্টাৰনেট কোম্পানীসমূহক ক্লাউড আৰু ডাটা আন্তঃগাঁথনি সেৱা প্ৰদান কৰে।

কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া ৰবীন খুডাৰ মতে, ডিজিটেল অৰ্থনীতিৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী চিন্তাধাৰাৰ বাবেই ভাৰত আজি বিশ্ব বজাৰত প্ৰযুক্তিৰ ক্ষেত্ৰত বিনিয়োগৰ সৰ্বোত্তম স্থানত পৰিণত হৈছে। তেওঁ কয়, “এআইৰ জগতখনৰ অন্যতম আগশাৰীৰ শক্তি হ’বলৈ ভাৰতৰ সকলো প্ৰতিভা আৰু সামৰ্থ্য আছে। সেই সপোন পূৰণৰ ক্ষেত্ৰত আমি ভাৰতৰ কাষত থাকিবলৈ পাই অতিশয় সুখী।”

এয়াৰট্ৰাংকৰ আঁৰত আছে বিশ্ববিখ্যাত বিনিয়োগ সংস্থা ‘ব্লেকষ্টোন’ আৰু ‘কানাডা পেঞ্চন প্লেন’। ফলত তেওঁলোকৰ বৃহৎ বিনিয়োগে ভাৰতৰ প্ৰযুক্তি খণ্ডক নতুন উচ্চতালৈ লৈ যোৱাৰ সম্ভাৱনা আছে। এই ডাটা চেণ্টাৰসমূহ দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত পৰ্যায়ক্ৰমে স্থাপন কৰা হ’ব।

উল্লেখ্য যে এয়াৰট্ৰাংকে চলিত বৰ্ষৰ এপ্ৰিল মাহত ‘লুমিনা ক্লাউডইনফ্ৰা’ নামৰ কোম্পানী এটা ক্ৰয় কৰি ভাৰতীয় বজাৰত প্ৰৱেশ কৰিছিল। ইতিমধ্যে মুম্বাই, চেন্নাই আৰু হায়দৰাবাদত তেওঁলোকৰ প্ৰায় ৬০০ মেগাৱাটৰ ডাটা চেণ্টাৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে।

২০১৫ চনত প্ৰতিষ্ঠা হোৱা এই কোম্পানীটোৱে ২০১৭ চনত অষ্ট্ৰেলিয়াত প্ৰথমটো বৃহৎ ডাটা চেণ্টাৰ নিৰ্মাণ কৰিছিল। তাৰ পিছত অতি কম সময়ৰ ভিতৰতে তেওঁলোকে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিছে আৰু এতিয়া তেওঁলোকে সমগ্ৰ এছিয়া-পেচিফিক অঞ্চলত নিজৰ নেটৱৰ্ক বিয়পাইছে। এতিয়া তেওঁলোকৰ দৃষ্টি ভাৰতীয় বজাৰ।

Tags: এয়াৰট্ৰাংক২০৩০ চনৰ ভিতৰত দেশত৩ লাখ কোটি বিনিয়োগৰ পথত
Share4Tweet3Send

Related Posts

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

by News Desk
July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

by News Desk
July 22, 2026
50
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

by News Desk
July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

by News Desk
July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

by News Desk
July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx