
যুদ্ধ আৰম্ভ হোৱাৰ তিনিমাহ পাৰ হৈ গ’ল। কিন্তু পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহে বিভ্ৰান্তিৰ (Iran US War) সৃষ্টি কৰিছে। যিহেতু তেহৰানে এতিয়াও আত্মসমৰ্পণ কৰা নাই, সেয়েহে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ইৰাণৰ নীতিক লৈ আমেৰিকাত সন্দেহ বাঢ়িছে।

এনে পৰিস্থিতিত শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰা শুনা যায় নতুন দাবী। তেওঁ কয় যে ইৰাণৰ অস্ত্ৰভাণ্ডাৰ ক্ৰমান্বয়ে শেষ হৈ যোৱাৰ লগে লগে যুদ্ধবিৰতিৰ বাহিৰে আন কোনো উপায় নাই।
শুকুৰবাৰে নিশা এনবিচি নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয়, “ইৰাণৰ বেছিভাগ ড্ৰ’ন কাৰখানা ধ্বংস হৈছে। বেছিভাগ উৎক্ষেপণ স্থান ধ্বংস হৈছে। বেছিভাগ মিছাইল নিৰ্মাণ স্থান ধ্বংস হৈছে। কিন্তু তেওঁলোকৰ মাজত এতিয়াও যুদ্ধ কৰাৰ ক্ষমতা আছে। তেওঁলোকৰ হাতত কিছুমান মিছাইল আছে, তেওঁলোকৰ হাতত কিছুমান ড্ৰ’ন আছে।”
তাৰ পিছত তেওঁ মন্তব্য কৰে, “শতাংশ অনুসৰি হয়তো ২১-২২ শতাংশ ক্ষেপণাস্ত্ৰ তেওঁলোকৰ হাতত এতিয়াও আছে। সংখ্যাৰ ফালৰ পৰা বহুত ক্ষেপণাস্ত্ৰ। কিন্তু আমি প্ৰথম আক্ৰমণ কৰাৰ সময়ত যিমান ক্ষেপণাস্ত্ৰ আছিল, সিমান নহয়।”
ইয়াৰ পূৰ্বে মে’ মাহত ট্ৰাম্পে কৈছিল যে ইৰাণৰ ১৮ শতাংশ ক্ষেপণাস্ত্ৰ বাকী আছে।
যদিও আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বাৰে বাৰে দাবী কৰি আহিছে যে আমেৰিকাৰ সামৰিক অভিযানে ইৰাণৰ যুদ্ধ চলোৱাৰ ক্ষমতা গুৰুতৰভাৱে দুৰ্বল কৰি তুলিছে, কিন্তু শুকুৰবাৰে ওমান উপসাগৰত নিয়োজিত দুখন আমেৰিকাৰ ধ্বংসকাৰী বিমানত ‘সতৰ্কবাণী ক্ষেপণাস্ত্ৰ’ নিক্ষেপ কৰে। ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড ক’ৰ্পছে দাবী কৰে যে ইয়াৰ ফলত আমেৰিকাৰ যুদ্ধ জাহাজসমূহে অঞ্চলটো এৰি যাবলৈ বাধ্য হয়। পশ্চিম এছিয়াৰ দায়িত্বত থকা আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (CENTCOM) ইৰাণৰ পৰা অহা ‘প্ৰতিশোধ’ৰ কথাও স্বীকাৰ কৰে।
উল্লেখ্য যে ২৮ ফেব্ৰুৱাৰীত পেণ্টাগনে ইৰাণৰ বিৰুদ্ধে ‘অপাৰেচন এপিক ফিউৰি’ আৰম্ভ কৰিছিল। একেদিনাই ইজৰাইলৰ বায়ুসেনায়ো ইৰাণক আক্ৰমণ কৰিছিল। উক্ত অপাৰেচনৰ ক’ড নাম আছিল ‘অপাৰেচন ৰ’ৰিং লায়ন’ বা ‘লায়ন’ছ ৰ’ৰ’।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণৰ সেনাই ইজৰাইল আৰু পশ্চিম এছিয়াত থকা আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ বিৰুদ্ধে ‘অপাৰেচন ট্ৰু প্ৰমিজ ৪’ আৰম্ভ কৰে। ইৰাণৰ উচ্চতম নেতা আয়াতুল্লা খামেইনীকে ধৰি কেইবাজনো শীৰ্ষ সামৰিক আৰু অসামৰিক নেতাৰ মৃত্যুৰ পিছতো তেওঁলোকে আত্মসমৰ্পণ কৰা নাছিল। অৱশেষত দুয়োপক্ষই অস্থায়ী যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে।
ইয়াৰ পিছত দুয়োপক্ষৰ মাজত আলোচনাৰ ভিত্তিত প্ৰস্তুত কৰা অন্তৱৰ্তীকালীন চুক্তিৰ খচৰাত কোৱা হৈছিল যে তেহৰানে হৰমুজ প্ৰণালী পুনৰ মুকলি কৰিব আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ ওপৰত বিশদ আলোচনা আৰম্ভ হ’ব। কিন্তু এই চুক্তিৰ চূড়ান্ত অনুমোদন এতিয়াও দিয়া নাই ট্ৰাম্পে। ইয়াৰ ফলত যুদ্ধবিৰতি বৃদ্ধিৰ সম্ভাৱনাক লৈ সন্দেহৰ সৃষ্টি হৈছে।










