ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Modi Itali visit I ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক; বাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব

Staff Reporter by Staff Reporter
May 21, 2026
Reading Time: 1 min read
A A
0
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

ছয়দিনীয়া বিদেশ ভ্ৰমণৰ পঞ্চম আৰু অন্তিম গন্তব্যস্থানত ইউৰোপীয় দেশ ইটালীত অভূতপূৰ্ব আদৰণি লাভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Modi Italy Visit) । দেশখনৰ প্ৰধানমন্ত্ৰীৰ সৈতে অনুষ্ঠিত বৈঠকত দ্বিপাক্ষিক সহযোগিতাৰ কেইবাটাও ক্ষেত্ৰত ইতিবাচক আলোচনা কৰা হয়। কেইবাখনো চুক্তি স্বাক্ষৰিত হয়।

Modi Itali visit I
ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক:

মোদীয়ে মেল’নীক দিয়া উপহাৰৰ ‘নাম বিভ্ৰান্তি’ৰ বাবে বুধবাৰে শ্বেয়াৰ বজাৰত আচৰিত ধৰণে উত্থান ঘটে। তদুপৰি মোদী দেশলৈ ঘূৰি অহাৰ ঠিক পূর্বে বিৰোধী নেতা ৰাহুল গান্ধীৰ ‘দেশদ্ৰোহী’ মন্তব্যই ঘৰুৱা ৰাজনীতিত এক নতুন বিতর্কৰ সৃষ্টি কৰিছে৷

সংযুক্ত আৰব আমিৰশ্বাহী, ছুইডেন, নেদাৰলেণ্ড, নৰৱে ভ্ৰমণ কৰি বুধবাৰে ইটালীত উপস্থিত হয় মোদী। তেওঁৰ বিমানখন ৰোমত অৱতৰণ কৰাৰ পিছত তেওঁ এক্স পোষ্টত লিখে, “এই ভ্ৰমণৰ মূল উদ্দেশ্য হ’ব ভাৰত-ইটালীৰ সহযোগিতা কেনেকৈ বৃদ্ধি কৰিব পাৰি ।” চলিত বৰ্ষৰ আৰম্ভণিতে ইউৰোপীয় ইউনিয়নৰ সৈতে ভাৰতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছিল।

এই চুক্তিৰ অন্যতম উদ্দেশ্য আছিল আমেৰিকাৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰা। চুক্তি স্বাক্ষৰ কৰাৰ পিছত এয়া আছিল মোদীৰ প্ৰথম ইউৰোপ ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০২৪ চনৰ জুন মাহত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইটালীলৈ গৈছিল।

চকলেট বিভ্ৰান্তি

বুধবাৰে ৰোমৰ ভিলা ড’ৰিয়া পাম্ফিলিত ইটালীৰ প্ৰধানমন্ত্ৰী মেল’নীয়ে আনুষ্ঠানিকভাৱে মোদীক আদৰণি জনায়। তাতেই দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সময়ত মোদীয়ে মেল’নীক ‘পাৰ্লে মেলোডী’ চকলেট উপহাৰ দিয়ে।

ইটালীৰ প্ৰধানমন্ত্ৰীয়ে এই উপহাৰৰ ১২ ছেকেণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি লিখে, “মোৰ বন্ধু, ৰোমলৈ স্বাগতম !” ইয়াৰ পিছতে মুম্বাইৰ ব্ৰকাৰ ষ্ট্ৰীটত হুলস্থুলৰ সৃষ্টি হয়।

‘পাৰ্লে’ৰ শ্বেয়াৰ ক্ৰয় কৰিবলৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য হঠাতে বৃদ্ধি পায়। কিন্তু কেইঘণ্টামানৰ ভিতৰতে গম পোৱা গ’ল যে এই ‘পাৰ্লে’ সেই ‘পাৰ্লে’ নহয়। বজাৰত বিনিয়োগকাৰীয়ে একে নামৰ আন এটা কোম্পানীৰ শ্বেয়াৰ ক্ৰয় কৰিছিল, যাৰ ‘মেলোডী’ৰ সৈতে কোনো সম্পৰ্ক নাই।

মোদীৰ চকলেট বিভ্ৰান্তিৰ ওপৰত আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে এক্স পোষ্টত লিখিছে, “আমাৰ মূৰৰ ওপৰত অৰ্থনৈতিক ধুমুহাই জুৰুলা কৰিছে আৰু আমাৰ প্ৰধানমন্ত্ৰীয়ে ইটালীলৈ গৈ চকলেট বিতৰণ কৰিছে। কৃষক, যুৱক, মহিলা, শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী- সকলোৰে চকুত চকুলো। কিন্তু প্ৰধানমন্ত্ৰীয়ে হাঁহি হাঁহি এটা ৰিল বনাইছে আৰু সেইটো দেখি কেৱল বিজেপিৰ ৰাইজে হাত চাপৰি বজাইছে। কোনো নেতৃত্ব নাই, এইটো এক প্ৰহসন ।”

ভাৰতীয় সময় অনুসৰি পুৱা ১১.৫০ বজাত ভিডিঅ’টো পোষ্ট কৰাৰ আধা ঘণ্টাৰ ভিতৰতে ‘পাৰ্লে ইণ্ডাষ্ট্ৰীজ’ৰ শ্বেয়াৰৰ মূল্যৰ অস্বাভাৱিক উত্থান ঘটে। অৱশ্যে এই কোম্পানীটোৰ সৈতে ‘মেলোডী’ৰ কোনো সম্পৰ্ক নাই।

‘পাৰ্লে ইণ্ডাষ্ট্ৰীজ’ মূলতঃ ৰিয়েল ইষ্টেট আৰু আন্তঃগাঁথনি সম্পৰ্কীয় কামৰ সৈতে জড়িত। ইয়াৰ উপৰি তেওঁলোকে কাগজ আৰু কাগজৰ আৱৰ্জনাৰে পুনঃব্যৱহাৰযোগ্য সামগ্ৰীও তৈয়াৰ কৰে। আনহাতে, ‘মেলোডী’ চকলেট সম্পূৰ্ণ বেলেগ এটা কোম্পানী। ইয়াক পাৰ্লে প্ৰডাক্টছে প্ৰস্তুত কৰে।

১৯৯৯-২০০০ চনলৈকে ই পাৰ্লে-বিছলেৰী লিমিটেডৰ সহযোগী কোম্পানী আছিল। কিন্তু ইয়াৰ সম্পৰ্ক এতিয়া পাৰ্লে বা বিছলেৰী গ্ৰুপৰ সৈতে নহয়। পাৰ্লে প্ৰডাক্টছ শ্বেয়াৰ বজাৰত তালিকাভুক্ত কোম্পানী নহয়। দুয়োটা কোম্পানীৰ নামত ‘পাৰ্লে’ৰ উপস্থিতিয়ে বিনিয়োগকাৰীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল।

মোদী-মেল’নীৰ বৈঠকল

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ২০২৯ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ২০ বিলিয়ন ইউৰোলৈ (২.৫ লাখ কোটি টকাৰ ওপৰত) বৃদ্ধি কৰাৰ যৌথ লক্ষ্য ঘোষণা কৰে।

প্ৰতিৰক্ষা আৰু সন্ত্ৰাসবাদবিৰোধী, বাণিজ্য আৰু বিনিয়োগ, জটিল প্ৰযুক্তি আৰু শক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উপৰি ক্ৰমবৰ্ধিত ভূ-ৰাজনৈতিক প্ৰেক্ষাপটৰ অস্থিৰতাত দ্বিপাক্ষিক কৌশলগত সম্পৰ্ক গভীৰ কৰাৰ কথা ঘোষণা কৰে ।

যৌথ বিবৃতিটোত ইউক্ৰেইনৰ যুদ্ধ, ইৰাণকে ধৰি পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতি, হৰমুজ প্ৰণালীৰ সংকটৰ কথাও উল্লেখ কৰা হৈছে। বৈঠকৰ অন্তত মোদীয়ে কয়, “প্ৰযুক্তি আৰু উদ্ভাৱন আমাৰ অংশীদাৰিত্বৰ চালিকা শক্তি। এআই, কোৱাণ্টাম, মহাকাশ আৰু অসামৰিক পাৰমাণৱিক শক্তিৰ দৰে বহু ক্ষেত্ৰত আমাৰ সহযোগিতাৰ বিশাল সম্ভাৱনা আছে।”

২০২৩ চনত দ্বিপাক্ষিক বাণিজ্য আছিল ১৪ বিলিয়ন ইউৰো। তেওঁ কয় যে ২০২৯ চনৰ ভিতৰত ইয়াৰ মূল্য ২০ বিলিয়ন ইউৰো হ’ব। তেওঁ লগতে মন্তব্য কৰে, “আমি দুয়োখন দেশৰ ষ্টাৰ্টআপ, গৱেষণা কেন্দ্ৰ আৰু উদ্যোগসমূহক সংযোগ কৰিবলৈ ভাৰত-ইটালী উদ্ভাৱন কেন্দ্ৰৰ কাম কৰি আছো।”

মোদীয়ে লগতে কয় যে অনাগত দিনত জাহাজ চলোৱা, বন্দৰ আধুনিকীকৰণ, লজিষ্টিক আৰু নীল অৰ্থনীতি নতুন দিল্লী-ৰোমৰ সম্পৰ্কৰ অন্যতম কেন্দ্ৰবিন্দু হ’ব।

ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে “হেলিকপ্টাৰ, নৌসেনাৰ মঞ্চ, সামুদ্ৰিক অস্ত্ৰ আৰু ইলেক্ট্ৰনিক যুদ্ধ ব্যৱস্থা”ৰ ক্ষেত্ৰত অংশীদাৰিত্ব সম্প্ৰসাৰিত কৰা হ’ব। ভাৰত-পশ্চিম এছিয়া-ইউৰোপ অৰ্থনৈতিক কৰিড’ৰতো (আই এম ই চি) সহযোগিতা ঘোষণা কৰে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে।

বিশেষকৈ ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু দক্ষ শ্ৰমিকৰ গতিবিধি বৃদ্ধি কৰাৰ লগতে শ্ৰম বজাৰৰ প্ৰয়োজন অনুযায়ী দক্ষতা বিকাশৰ ক্ষেত্ৰত ভৱিষ্যতে সহযোগিতাৰ পৰিসৰ বৃদ্ধি কৰা হ’ব বুলিও মেল’নীয়ে কয়। আনহাতে, গাজালৈ সাহায্য সামগ্ৰী কঢ়িয়াই অনা জাহাজ এখনক উল্লেখযোগ্যভাৱে বাধা দিয়াৰ বাবে মেল’নীয়ে ইজৰাইলক সমালোচনা কৰে।

দেশদ্ৰোহী মন্তব্য আৰু ভুল মানচিত্ৰ

ইফালে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বুধবাৰে নিজৰ সমষ্টি ৰায়বেৰেলীত এখন ৰাজহুৱা সভাত কয়, “যদি কোনো আৰ এছ এছ নেতাই আপোনাৰ ঘৰলৈ আহি নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ কথা কয়, তেন্তে তেওঁক উত্তৰত কওক, আপোনাৰ প্ৰধানমন্ত্ৰী দেশদ্ৰোহী, আপোনাৰ গৃহমন্ত্ৰী দেশদ্ৰোহী, আৰ এছ এছ দেশদ্ৰোহী।

আপুনি ভাৰত বিক্ৰীৰ কাম কৰি আছে, আপুনি সকলো স্বায়ত্তশাসিত সংস্থাক আক্ৰমণ কৰিছে, আপুনি আমাৰ সংবিধানক আক্ৰমণ কৰিছে, আম্বেদকাৰক আক্ৰমণ কৰিছে, মহাত্মা গান্ধীক আক্ৰমণ কৰিছে।”

ৰাহুলৰ মন্তব্যৰ পিছতে বিজেপিয়ে ‘প্ৰধানমন্ত্ৰীক অপমান’ৰ অভিযোগ উত্থাপন কৰি প্ৰতিহত অভিযান আৰম্ভ কৰিছে। ইয়াৰ লগতে গেৰুৱা শিবিৰে অভিযোগ কৰিছে যে ৰাহুলৰ ‘ছ’চিয়েল মিডিয়া টীমে’ ইয়াৰ পৰিৱৰ্তে ছুইডেনৰ পতাকা ব্যৱহাৰ কৰিছে। প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণক সমালোচনা কৰাৰ সময়তে নৰৱেৰ পতাকাখনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Tags: আৰু মেল'নীৰ সৈতে বৈঠক;ইটালীত মোদীৰ চকলেট কূটনীতিবাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব
Share4Tweet3Send

Related Posts

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ
National-International

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

by News Desk
May 21, 2026
50
‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ
National-International

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

by News Desk
May 21, 2026
50
Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও
National-International

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

by News Desk
May 21, 2026
50
One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ
National-International

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

by Staff Reporter
May 21, 2026
50
Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা
National-International

Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

by Staff Reporter
May 21, 2026
50
Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত
National-International

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

by News Desk
May 20, 2026
50
ADVERTISEMENT
Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ
National-International

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

May 21, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

May 21, 2026
50
‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ
National-International

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

May 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

May 21, 2026
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

May 21, 2026
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

May 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx