
দুপৰীয়া গাঁৱৰ মানুহবোৰ পথাৰত আৰু ঘৰত কামত ব্যস্ত। হঠাতে চাইৰেন বাজি উঠে। কিন্তু এয়া বিপদৰ সংকেত নহয়, বৰঞ্চ স্বাস্থ্য সচেতনতাহে (Health awareness)। চাইৰেন (Sirens) শুনি সকলোৱে কাম বন্ধ কৰি মুখলৈ পানী এগিলাচ লৈ যায়। মহাৰাষ্ট্ৰৰ সতৰা জিলাৰ (Satara district of Maharashtra) পাতন তালুকৰ এখন সৰু গাঁও মান্যাচিৱাড়ী (Manjachiwari)। এই গাঁওখনৰ অভিনৱ ব্যৱস্থা এতিয়া সমগ্ৰ দেশতে চৰ্চাৰ বিষয় হৈ পৰিছে।
গৰমৰ দিনত কামৰ চাপৰ বাবে বহু লোকে ঘণ্টাৰ পিছত ঘণ্টা পানী নোখোৱাকৈ থাকে। ইয়াৰ ফলত পানীলগা, ভাগৰ, অসুস্থতা আদিৰ সৃষ্টি হয়। এই সমস্যাৰ সহজ অথচ ফলপ্ৰসূ সমাধান বিচাৰি উলিয়াইছে মন্যাচিৱাড়ীয়ে।

নিৰ্দিষ্ট সময়ত বাজি উঠা চাইৰেনটোৱেই হৈছে গাঁৱৰ মানুহে পানী খোৱাৰ বাবে ‘এলাৰ্ম’। কেৱল সেয়াই নহয়, গাঁওখনত শীতল পানী যোগানৰ ব্যৱস্থাও আছে। কেৱল এনএফচি কাৰ্ড (NFC card) স্পৰ্শ কৰিলেই ঠাণ্ডা খোৱাপানী বিতৰণ কৰা হয়।
কেৱল খোৱাপানীৰ বাবেই চাইৰেন নহয়, ‘সৌৰ গ্ৰাম যোজনা’ৰ অধীনত মহাৰাষ্ট্ৰৰ এইখন হৈছে প্ৰথমখন সম্পূৰ্ণ সৌৰশক্তিচালিত গাঁও। প্ৰায় ১০২ টা ছাদত সৌৰ পেনেলৰ দ্বাৰা গাঁওখনৰ ১০০% বিদ্যুতৰ প্ৰয়োজনীয়তা পূৰণ কৰা হয়। ষ্ট্ৰীট লাইট, পানী পাম্প, চিচিটিভি, স্কুল-গ্ৰাউণ্ড লাইটিং সকলো সৌৰশক্তিৰ দ্বাৰা চলি থাকে। প্ৰতিটো ঘৰৰ বিদ্যুতৰ বিল কাৰ্যতঃ শূন্য।
২০০১ চনত গাঁও পঞ্চায়ত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা এই গাঁওখনে ৭৬টা বঁটা লাভ কৰিছে। আৱৰ্জনা ব্যৱস্থাপনা, নিষ্কাশন, নিৰৱচ্ছিন্ন পানী যোগানকে ধৰি উন্নয়নৰ প্ৰায় প্ৰতিটো পৰিমাপতে এই গাঁওখন আগবাঢ়ি আছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পঞ্চায়ত প্ৰতিনিধিয়ে এই আৰ্হিটো নিজ চকুৰে চাবলৈ আহে।












