
মঙলবাৰে বিয়লি ২.৩০ বজাত ভাৰতৰ বতৰে (Weather of India) এক নতুন অভিলেখ (New record) গঢ়ে। AQI.inৰ লাইভ টেম্পাৰেচাৰ ৰেংকিং অনুসৰি, বিশ্বৰ ১০০ খন আটাইতকৈ উষ্ণ চহৰ (Warm city)ৰ আটাইকেইখনেই ভাৰতৰ। গ্ৰীষ্মপ্ৰবাহৰ বাবে পৰিচিত চহৰৰ উপৰি নতুন দিল্লী, ফৰিদাবাদ, চণ্ডীগড়, আগ্ৰা, অযোধ্যা, গোৱালিয়ৰ, কোটা, ৰায়পুৰ, জম্মু আনকি উত্তৰাখণ্ডৰ হিমালয়ৰ পাদদেশৰ হৰিদ্বাৰ চহৰেও এই তালিকাত স্থান লাভ কৰিছে। তালিকাখনত দেখা গৈছে যে মঙলবাৰে বিয়লি উক্ত ১০০ খন চহৰৰ তাপমাত্ৰা ৪৮ ডিগ্ৰী চেলছিয়াছৰ পৰা ৪৪ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত আছিল।

ইয়াৰ ভিতৰত ভাটিণ্ডা, পাঠানকোট, বেৰেলী, ঝান্সী, কৈথাল আদি চহৰৰ উষ্ণতা সেই সময়ত ৪৬ ডিগ্ৰী চেলছিয়াছৰ ওপৰত আছিল। পশ্চিম উত্তৰ প্ৰদেশৰ মথুৰা, ছত্তীশগড়ৰ ভিলাই আৰু মহাৰাষ্ট্ৰৰ নন্দদ আৰু আকোলাত তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছৰ ওপৰত আছিল। মঙলবাৰে বতৰ বিজ্ঞান বিভাগে উত্তৰ আৰু পশ্চিম ভাৰতত গ্ৰীষ্মপ্ৰবাহৰ সতৰ্কবাণী জাৰি কৰে। কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া মতে, স্থায়ী ডাৱৰৰ আৱৰণৰ অভাৱ আৰু নিৰৱচ্ছিন্নভাৱে শুকান সৌৰ বিকিৰণৰ বাবে উত্তৰ ভাৰতৰ সমভূমি আৰু মধ্য ভাৰতৰ মালভূমিৰ বিস্তৃত অঞ্চলত অত্যন্ত গৰম হ’ব। বতৰ বিজ্ঞান বিভাগে ভৱিষ্যদ্বাণী কৰিছে যে পশ্চিম উত্তৰ প্ৰদেশৰ কিছু অঞ্চলত ২৪ মে’লৈকে এই গ্ৰীষ্মপ্ৰবাহ অব্যাহত থাকিব পাৰে।












