
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Modi) ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নী (Italay PM Meloni)ক ‘পাৰ্লে মেলোডী’ (Parle Melody’) চকলেট উপহাৰ (Chocolate gift) দিয়ে। মেল’নীয়ে এই উপহাৰৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ মুহূৰ্ততে শ্বেয়াৰ বজাৰত আলোড়নৰ সৃষ্টি হয়। ‘পাৰ্লে’ৰ শ্বেয়াৰ ক্ৰয় কৰিবলৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য হঠাতে বৃদ্ধি পায়। কিন্তু এই ‘পাৰ্লে’ সেই ‘পাৰ্লে’ নহয়। বজাৰত বিনিয়োগকাৰীয়ে একে নামৰ আন এটা কোম্পানীৰ শ্বেয়াৰ ক্ৰয় কৰিছিল, যাৰ সৈতে ‘মেলোডী’ৰ কোনো সম্পৰ্ক নাই।
বুধবাৰে পুৱা ১১.৫০ বজাত (ভাৰতীয় সময়মতে) মেল’নীয়ে নিজৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰে। মোদীৰ পৰা ‘মেলোডী’ উপহাৰ লাভ কৰাৰ ভিডিঅ’। উক্ত ১২ ছেকেণ্ডৰ ভিডিঅ’টোৱে শ্বেয়াৰ বজাৰত আলোড়নৰ সৃষ্টি কৰিছে। ভিডিঅ’টো পোষ্ট কৰাৰ আধা ঘণ্টাৰ ভিতৰতে ‘পাৰ্লে ইণ্ডাষ্ট্ৰীজ’ৰ শ্বেয়াৰ মূল্যই জাঁপ মাৰে। অৱশ্যে এই কোম্পানীটোৰ সৈতে ‘মেলোডী’ৰ কোনো সম্পৰ্ক নাই। ‘পাৰ্লে ইণ্ডাষ্ট্ৰীজ’ মূলতঃ ৰিয়েল ইষ্টেট আৰু আন্তঃগাঁথনি সম্পৰ্কীয় কামৰ সৈতে জড়িত। ইয়াৰ উপৰি তেওঁলোকে কাগজ আৰু কাগজৰ আৱৰ্জনাৰে পুনঃব্যৱহাৰযোগ্য সামগ্ৰীও তৈয়াৰ কৰে।

আনহাতে, ‘মেলোডী’ চকলেট সম্পূৰ্ণ বেলেগ কোম্পানী– পাৰ্লে প্ৰডাক্টছৰ দ্বাৰা প্ৰস্তুত কৰা হয়। ১৯৯৯-২০০০ চনলৈকে ই পাৰ্লে-বিছলেৰী লিমিটেডৰ সহযোগী কোম্পানী আছিল। কিন্তু বৰ্তমান ইয়াৰ পাৰ্লে গোটৰ সৈতে কোনো সম্পৰ্ক নাই, বিছলেৰী গোটৰ সৈতেও কোনো সম্পৰ্ক নাই। এই পাৰ্লে প্ৰডাক্টছ ষ্টক মাৰ্কেটত তালিকাভুক্ত কোম্পানী নহয়। দুয়োটা কোম্পানীৰ নামত ‘পাৰ্লে’ৰ উপস্থিতিয়ে বিনিয়োগকাৰীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি ধাৰণা কৰা হৈছে।
ইউৰোপ ভ্ৰমণৰ অন্তিম পৰ্যায়ৰ বাবে ইটালীলৈ গৈছে প্ৰধানমন্ত্ৰী মোদী। বুধবাৰে পুৱা তেওঁ ইটালীৰ প্ৰধানমন্ত্ৰী মেল’নীৰ সৈতে ৰোমৰ কল’ছিয়ামলৈ যায়। তাতে ছেলফিও তোলে দুয়োগৰাকী নেতাই। পিছত মেল’নীয়ে মোদীৰ সৈতে এটা ভিডিঅ’ পোষ্ট কৰে। ‘পাৰ্লে মেলোডী’ চকলেট হাতত লৈ মেল’নীয়ে কয়, “প্ৰধানমন্ত্ৰী মোদীয়ে মোৰ বাবে উপহাৰ আনিছে। গ্ৰেট টফি।” ইয়াৰ পিছত মোদী আৰু মেল’নীয়ে একেলগে কয়, “মেলোডী।” শেষত দুয়োৱে হাঁহে। মেল’নীয়ে যেতিয়া সেই ভিডিঅ’টো পোষ্ট কৰে তেতিয়াই শ্বেয়াৰ বজাৰত হুলস্থুলৰ সৃষ্টি হয়।












