
ৰাইজৰ আস্থা লাভ কৰাৰ পিছত এইবাৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা তামিলাগা ভেটিৰি কাঝাগামৰ (Tamilaga Vettiri Kazagam) নেতা বিজয় থালাপতিয়ে (Leader Vijay Thalapathi) আন দলৰ বিধায়কৰো সমৰ্থন লাভ কৰিলে। বুধবাৰে তামিলনাডু বিধানসভাত অনুষ্ঠিত হয় আস্থা ভোট। ভোটদানৰ ফলাফলত দেখা গ’ল যে বিজয় নেতৃত্বাধীন চৰকাৰখনে ১৪৪জন বিধায়কৰ সমৰ্থন (Support of 144 legislators) লাভ কৰিছে, যিটো চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় যাদুকৰী সংখ্যা বা মেজিক সংখ্যাতকৈ (১১৮) বহু বেছি। টিভিকেৰ মিত্ৰজোঁটৰ অংশীদাৰ কংগ্ৰেছ, চিপিএম, চিপিআইএম, ভিচিকে, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ বিধায়কসকলে সচৰাচৰৰ দৰে আস্থা ভোটত চৰকাৰৰ পক্ষত ভোটদান কৰে।

ভোটদানৰ পূৰ্বে এম কে ষ্টেলিনৰ দল ডিএমকেৰ ৫৯ গৰাকী বিধায়কে বিধানসভা কক্ষৰ পৰা ওলাই যায়। আনহাতে, ই কে পালানিস্বামী নেতৃত্বাধীন এআইএডিএমকেয়ে ভোটদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়। কিন্তু ছানমুগাম আৰু এছপি ভেলিমণিৰ নেতৃত্বত ৩০ জন ডিএমকেৰ ‘বিদ্ৰোহী’ বিধায়কে বিজয়ৰ চৰকাৰক সমৰ্থন কৰাৰ সিদ্ধান্ত লয়। একেদৰে ২৫ গৰাকী এআইএডিএমকে বিধায়কে আস্থা ভোটত চৰকাৰৰ সপক্ষে ভোটদান কৰে। আস্থা ভোটৰ বিৰুদ্ধে ভোটদান কৰে ২২ বিধায়কে। ৫জনে ভোটদানৰ পৰা বিৰত থাকে।
কিন্তু বিধানসভা পৰ্যায়ত লোৱা সিদ্ধান্তৰ পাছতো জয়াললিতাৰ দল এআইএডিএমকেৰ ২৫ গৰাকী বিধায়কে বিজয়ক সমৰ্থনত যিদৰে অটল হৈ থাকিল, সেয়া বিশেষভাৱে লক্ষণীয় বুলি বিবেচিত হৈছে। বহুতে বিশ্বাস কৰে যে এআইএডিএমকে দুটা ভাগত বিভক্ত হ’ব পাৰে। আনহাতে, বিপুল জয়ৰ সৈতে বৰ্তমানৰ বাবে বিজয় চৰকাৰৰ সুস্থিৰতাক লৈ এতিয়া আৰু কোনো সন্দেহ নাই। আস্থা ভোট লাভ কৰাৰ পিছত তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ে কয়, “বাঁহীয়ে (টিভিকেৰ নিৰ্বাচনী প্ৰতীক) ইতিহাস সলনি কৰিলে।” একে সময়তে তেওঁ কয়, “আমি নিজকে সংখ্যালঘুৰ চৰকাৰ বুলি ক’ম। এই চৰকাৰে সংখ্যালঘুৰ অধিকাৰ সুৰক্ষিত কৰিব।”













