
ভুৱা নথি দেখুৱাই মিজোৰামৰ এখন কাৰাগাৰৰ পৰা অতি কমেও ১৭ জন কয়দী পলায়ন কৰিছে। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে আদালতৰ ন্যায়াধীশৰ চকু কপালত উঠিল।

১৭ জন বিচাৰাধীন আৰু দোষী বন্দীক ভুৱা আদালতৰ নথি আৰু ভুৱা জামিনৰ আদেশ ব্যৱহাৰ কৰি কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। তেওঁলোকৰ বেছিভাগেই কয়দী আৰু বিচাৰাধীন। তেওঁলোকক পকচো আৰু এনডিপিএছ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। ঘটনাটো মিজোৰামৰ লুংলেই জিলা কাৰাগাৰত সংঘটিত হয়৷
যোৱা ২৭ এপ্ৰিলত জিলা আৰু সত্ৰ আদালতৰ ন্যায়াধীশে লুংলেই আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। ন্যায়াধীশে দোহামিৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পিছত লুংলেই আৰক্ষী থানাৰ আৰক্ষীয়ে তৎক্ষণাৎ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে।
তদন্তৰ সময়ত আৰক্ষীয়ে ভুৱা নথিৰে কাৰাগাৰৰ পৰা মুকলি হোৱা ১১ জন কয়দীক বিচাৰি উলিয়াবলৈ আৰু পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বাকী থকা কয়দীক বিচাৰি উলিয়াবলৈ তালাচী অভিযান চলি আছে। মিজোৰাম আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত লুংলেই কাৰাগাৰৰ এজন এম্বুলেন্স চালককে ধৰি দুজন মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ মতে, অভিযুক্তজনে প্ৰতিজন অভিযুক্তৰ পৰা হাজাৰ হাজাৰ টকা উৎকোচ লৈছিল। তাৰ পৰিৱৰ্তে, তেওঁ তেওঁলোকক কাৰাগাৰৰ পৰা পলায়ন কৰাত সহায় কৰিছিল। অনুসন্ধানকাৰীসকলে আশ্বাস দিছে যে ঘটনাটোৰ এটা পুংখানুপুংখ তদন্ত কৰা হ’ব।











