
চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে অখিল ভাৰতীয় প্ৰৱেশ পৰীক্ষা (NEET-UG 2026) বাতিল হোৱাৰ পাছত বিৰোধী দলসমূহে কেন্দ্ৰক আক্ৰমণৰ লক্ষ্য কৰা আৰম্ভ কৰিছে। চৰকাৰৰ ভূমিকাক লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে।

বিৰোধী দলসমূহে কেন্দ্ৰৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি উদাসীনতা আৰু প্ৰশাসনিক ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে। একে সময়তে বিৰোধীয়ে এই প্ৰশ্নও উত্থাপন কৰিছে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা আয়োজন কৰাত কিয় বাৰে বাৰে ‘ত্ৰুটি’ হৈছে। কংগ্ৰেছ, তৃণমূল, আম আদমী পাৰ্টি, চিপিএমকে ধৰি বিভিন্ন দলে কেন্দ্ৰক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে।
কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পৰীক্ষা বাতিল কৰাৰ বাবে প্ৰত্যক্ষভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লয়। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে- প্ৰধানমন্ত্ৰীৰ তথাকথিত ‘অমৃতকাল’ দেশৰ বাবে ‘বিষাক্ত কাল’লৈ পৰিণত হৈছে।
তেওঁ লগতে লিখিছে, “২২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীৰ কঠোৰ পৰিশ্ৰম, ত্যাগ আৰু সপোন ছিন্নভিন্ন হৈ পৰিছে।” ইয়াৰ বাবে ৰাহুলে ‘বিজেপিৰ দুৰ্নীতিগ্ৰস্ত ব্যৱস্থা’লৈ আঙুলিয়াই দিলে। কংগ্ৰেছ নেতাগৰাকীৰ মতে, এজন পিতৃয়ে নিজৰ সন্তানক পঢ়াবলৈ ঋণ লৈছিল।
এগৰাকী মাতৃয়ে নিজৰ সন্তানক পঢ়াবলৈ নিজৰ গহনা বিক্ৰী কৰিছিল। লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে নিশাটো অধ্যয়ন কৰিছিল। আৰু এই সকলোবোৰৰ পৰিৱৰ্তে তেওঁলোকে পাইছে ‘প্ৰশ্নকাকত ফাদিল হোৱা, চৰকাৰী গাফিলতি আৰু শিক্ষা ব্যৱস্থাত সংগঠিত দুৰ্নীতি’। এই বিষয়টোক কেৱল ব্যৰ্থতা বুলি ধৰিবলৈ তেওঁ অনিচ্ছুক।
তেওঁ অভিযোগ কৰে যে এইটো দেশৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ বিৰুদ্ধে অপৰাধ। ৰাহুলে লিখিছে, “বাৰে বাৰে ‘প্ৰশ্নকাকত মাফিয়া’ ৰক্ষা পৰে। আৰু ইয়াৰ পৰিণাম ছাত্ৰ-ছাত্ৰীয়ে ভোগ কৰিবলগীয়া হয়। এতিয়াও লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে একে মানসিক চাপ, আৰ্থিক বোজা আৰু অনিশ্চয়তা সহ্য কৰিব লাগিব।”
উল্লেখ্য যে NEET-UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছে। ৩ মে’ত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। কিন্তু তাৰ কিছু সময়ৰ পিছতে প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হ’বলৈ ধৰে। উল্লেখ্য, ২০২৪ চনতো একেধৰণে প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হৈছিল।
সেই ঘটনাৰ পুনৰাবৃত্তি হোৱাত এইবাৰ পৰীক্ষাৰ ৯ দিনৰ ভিতৰত পৰীক্ষা বাতিল কৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই। এনে পৰিস্থিতিত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰৱেশ পৰীক্ষাৰ আয়োজনত কেন্দ্ৰৰ ব্যৰ্থতাক লৈ বিৰোধী দলসমূহে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে।
প্ৰৱেশ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ আঁৰত ‘ৰাজনৈতিক সমৰ্থন’ থাকিব পাৰে বুলি অভিযোগ উত্থাপন কৰিছে আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। তেওঁ অভিযোগ কৰে যে যোৱা ৯ বছৰত চাৰিবাৰকৈ নীট প্ৰশ্নকাকত ফাদিল হৈছে। অৱশ্যে কেজৰিৱালে দাবী কৰিছে যে এতিয়ালৈকে কোনো অভিযুক্তক শাস্তি দিয়া হোৱা নাই।
এনে পৰিস্থিতিত তেওঁ ছাত্ৰ-ছাত্ৰীসকলক গণ আন্দোলনৰ পথ বাছি ল’বলৈ আহ্বান জনাইছে। আপৰ মুৰব্বীগৰাকীয়ে কয়, “(কেন্দ্ৰীয়) চৰকাৰে কেৱল আন্দোলনৰ ভাষাহে বুজে।” ছাত্ৰ-ছাত্ৰীসকলক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাই তেওঁ কয় যে কেজৰিৱাল তেওঁলোকৰ লগত আছে।











