
ভাৰতত খাৰুৱা তেল (Crude Oil), এল এন জি (LPG) আৰু এল পি জি (NPG)ৰ অভাৱ নাই! কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী (Petroleum Minister) হৰদীপ সিং পুৰী (Hardeep Singh Puri)য়ে পুনৰবাৰ আশ্বাস দিলে। ইন্ধন যোগানত কোনো সমস্যা নাই বুলিও তেওঁ কয়। লগতে দেশত বৰ্তমান কিমান দিনৰ খাৰুৱা তেল, এল এন জি আৰু এল পি জি মজুত আছে তাৰ হিচাপও দিয়ে।
পশ্চিম এছিয়াত সংঘাত আৰম্ভ হোৱাৰ পৰাই সমগ্ৰ বিশ্বতে ইন্ধনৰ নাটনিৰ আশংকা দেখা গৈছে। সেই পৰিস্থিতিত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শেহতীয়াকৈ প্রধানমন্ত্রী ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত মধ্যমীয়া বার্তা সন্দর্ভত বিভিন্ন মহলত প্রশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে যদিও অদূৰ ভৱিষ্যতে দেশত ইন্ধনৰ নাটনি হ’ব নেকি? সেই ‘বিভ্ৰান্তি’ দূৰ কৰিবলৈ চৰকাৰে সোমবাৰে দেশত ইন্ধন মজুত কৰাৰ বিষয়টো স্পষ্ট কৰি দিলে। এইবাৰ হৰদীপে সেই বিষয়ে আশ্বাস দিলে।
পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে চৰকাৰে দেশত এল পি জি উৎপাদনত গুৰুত্ব আৰোপ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়। বৰ্তমান ভাৰতত দৈনিক ৫৪ হাজাৰ টন এল পি জি উৎপাদন কৰা হৈছে। ইয়াৰ পিছত হৰদীপে কয়, “এল পি জি যোগানত কোনো সমস্যা নাই। দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু এল এন জি আৰু ৪৫ দিনৰ এল পি জি ষ্টকত আছে।”

প্ৰধানমন্ত্ৰীৰ বাৰ্তাক লৈ অপ্ৰয়োজনীয়ভাৱে আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলিও হৰদীপে কয়। লগতে তেওঁ কয় যে মোদীয়ে কোৱা কথাবোৰক সতৰ্কবাণী হিচাপে গণ্য কৰা উচিত। পশ্চিম এছিয়াৰ সংঘাতৰ বাবে সৃষ্টি হোৱা আৰ্থিক চাপ হ্ৰাস কৰাৰ বাবে ‘পদক্ষেপ’ৰ কথা চিন্তা আৰম্ভ কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।
সোমবাৰে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত বিভিন্ন মন্ত্ৰালয়ৰ যৌথ সংবাদমেলত বিষয়াসকলে কয় যে ভাৰতত পৰ্যাপ্ত ইন্ধনৰ মজুত আছে। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ প্ৰভাৱ যাতে ভাৰতৰ ওপৰত নূন্যতম হয় তাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিবগৰাকীয়ে কয় যে ভাৰতত পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল, এল পি জি, পেট্ৰ’ল, ডিজেল আছে। তেওঁ লগতে কয়, “ভাৰতৰ প্ৰায় ৯০ শতাংশ শক্তি পশ্চিম এছিয়াৰ পৰা আমদানি কৰা হয়। কিন্তু উদীয়মান পৰিস্থিতিত ভাৰতত কোনো ধৰণৰ সংকটৰ পৰা হাত সাৰিবলৈ চৰকাৰে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে।”
শেহতীয়াকৈ প্ৰধানমন্ত্ৰীয়ে একেৰাহে দুদিন ধৰি দেশবাসীক ইন্ধনৰ ব্যৱহাৰৰ বাৰ্তা প্ৰদান কৰিছে। তেওঁৰ ভাষাত, “বৰ্তমান পেট্ৰ’ল, ডিজেল, গেছ – এই সকলোবোৰ বস্তু অতি কমকৈ ব্যৱহাৰ কৰিব লাগিব। আমি বিদেশৰ পৰা আমদানি কৰা ইন্ধন সামগ্ৰীবোৰ প্ৰয়োজন অনুসৰিহে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ ফলত বৈদেশিক মুদ্ৰাও ৰাহি হ’ব আৰু যুদ্ধ সংকটৰ বিৰূপ প্ৰভাৱো হ্ৰাস পাব।” তেওঁৰ আহ্বানক লৈ ৰাজনৈতিক উত্তেজনা চলি আছে। সেই পৰিৱেশত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ ইন্ধনৰ মজুতত কিমানখিনি জমা হৈ আছে তাৰ এটা ধাৰণা দিলে।











