
NEET-UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি হয়। ৩ মে’ত অনুষ্ঠিত হৈছিল সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা (NEET-UG 2026)। কিন্তু তাৰ কিছু সময়ৰ পিছতে প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হ’বলৈ ধৰে। উল্লেখ্য যে ২০২৪ চনতো একেধৰণে প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হৈছিল। সেই ঘটনাৰ পুনৰাবৃত্তি হোৱাত এইবাৰ পৰীক্ষাৰ ৯ দিনৰ ভিতৰতে পৰীক্ষা বাতিল কৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই। তদন্তকাৰীৰ সূত্ৰ অনুসৰি, ৰাজস্থান আৰক্ষীৰ (Rajasthan Police) বিশেষ অভিযান গোটে (এছ অ’ জি) ইতিমধ্যে ১৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। কেৱল সেয়াই নহয়, এই দুৰ্নীতিৰ শিপাৰ সন্ধানত তদন্ত চলি আছে। তদন্তকাৰীৰ সূত্ৰ মতে, পৰীক্ষাৰ পূৰ্বেও বিভিন্ন ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত প্ৰচাৰ হৈ আছিল। বিষয়টো পোহৰলৈ অহাৰ লগে লগে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হয়। সোমবাৰে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ৰাজ্যখনৰ ছিকাৰ জিলাৰ পৰা ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।
আনহাতে, জয়পুৰৰ পৰা মনীষ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। এই প্ৰশ্নকাকত ফাদিলৰ ‘মাষ্টাৰমাইণ্ড’ তেওঁ বুলি সন্দেহ কৰা হৈছে। ৰাজস্থানৰ ছিকাৰ জিলাৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱা বুলি তদন্তকাৰীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইফালে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। এই ঘটনাক লৈ দিল্লীত প্ৰতিবাদ সাব্যস্ত হয়। দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছে প্ৰাৰ্থীসকলে। উল্লেখ্য য়ে নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাটো এইবাৰে প্ৰথম নহয়। ২০২৪ চনতো প্ৰশ্নকাকত ফাদিল হোৱাক লৈ সমগ্ৰ দেশতে হুলস্থুলৰ সৃষ্টি হৈছিল। ২০২৪ চনৰ ৫ মে’তো NEET-PG ৰ প্ৰশ্নকাকত ফাদিল হৈছিল। সেই সময়ত ঝাৰখণ্ডৰ হাজাৰীবাগৰ অ’এছিছ স্কুলৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱা বুলি অভিযোগ উত্থাপন হৈছিল।

এইটো হৈছে হাজাৰীবাগৰ অন্যতম নীট পৰীক্ষা কেন্দ্ৰ। প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছৰে পৰা এই বিদ্যালয়খনৰ নাম চৰ্চালৈ আহিছে। চিবিআয়ে বিদ্যালয়খনৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে। চিবিআয়ে উদ্ধাৰ কৰে নীটৰ কেইবাখনো আধাপোৰা প্ৰশ্নকাকত। প্ৰশ্নকাকত পৰীক্ষা কৰাৰ পিছত কোনটো কেন্দ্ৰৰ পৰা ফাদিল হৈছিল সেইটো চিনাক্ত কৰা সম্ভৱ হয়। তাৰ পিছত চিবিআয়ে দাবী কৰিছিল যে অ’এছিছ স্কুলৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু এজন কৰ্মচাৰীৰ লগতে পংকজ কুমাৰ ওৰফে আদিত্য ওৰফে চাহিল নামৰ এজন যুৱকে প্ৰশ্নকাকত ফাদিল কৰিছে। নীটৰ প্ৰশ্নকাকতখন স্কুলত উপস্থিত হোৱা বাকচটো নিয়ন্ত্ৰণ কক্ষত ৰখা হৈছিল।
ধৃতসকলক সোধা-পোছা কৰাৰ পিছত চিবিআয়ে গম পায় যে বিদ্যালয়ত বাকচটো আহি পোৱাৰ পিছতহে অধ্যক্ষ আৰু উপাধ্যক্ষই পংকজ কুমাৰক নিয়ন্ত্ৰণ কক্ষত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ে। সেই সময়ত চিবিআয়ে কয় যে অভিযুক্তই অত্যাধুনিক প্ৰযুক্তিগত সা-সঁজুলি ব্যৱহাৰ কৰি বাকচটো খুলিছিল। সেই বাকচৰ পৰা কিছুমান প্ৰশ্নকাকত উলিয়াই লৈ পিছত হাজাৰীবাগৰ পৰা কেইবাগৰাকীও চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে যোগাযোগ কৰি সেইবোৰ সমাধান কৰা হয়। প্ৰশ্নকাকতবোৰ তেওঁলোকে সমাধান কৰিছিল। তেওঁলোকক ‘ছ’লভাৰ’ বুলি কোৱা হয়। ইয়াৰ পিছতে উত্তৰবহী নীট প্ৰাৰ্থীক লাখ লাখ টকাত বিক্ৰী কৰা হয়। এই ঘটনাৰ সৈতে জড়িত অধিকাংশ ‘ছ’লভাৰ’ক চিবিআয়ে গ্ৰেপ্তাৰ কৰে।











