
যোৰহাটৰ চিত্ৰশিল্পী অংশুমান হাজৰিকাই ইণ্ডোনেছিয়া মিটিং এণ্ড ষ্টাইল ইণ্ডোনেছিয়াৰ দ্বাৰা ১৫ মে’ৰ পৰা ১৭মে’লৈকে আয়োজিত ইণ্টাৰনেচনেল গ্রাফিটি এণ্ড ষ্ট্ৰীট আৰ ফেষ্টিভেলত ভাৰতক প্রতিনিধিত্ব কৰিবলৈ বিশ্বৰ ৬০ গৰাকী আমন্ত্ৰিত শিল্পীৰ ভিতৰত স্থান লাভ কৰিছে।

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা বি টেক সমাপ্ত কৰা হাজৰিকা হৈছে চোলাধৰা নিৱাসী, বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত অভিযন্তা ৰাজীৱ কুমাৰ হাজৰিকা আৰু মিনাৰাভা হাজৰিকাৰ পুত্ৰ।











