
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ (Mulayam Singh Yadav) কনিষ্ঠ পুত্ৰ প্ৰতীক যাদৱৰ ৩৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। বুধবাৰে পুৱা অচেতন অৱস্থাত লক্ষ্ণৌৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। অৱশ্যে তেওঁৰ অকাল মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

সেয়ে বিষয়টোক লৈ থকা ৰহস্য তীব্ৰতৰ হৈ পৰিছে। এটা সূত্ৰই দাবী কৰিছে যে বিগত কিছুদিন ধৰি প্ৰতীক অসুস্থ হৈ আছিল। কিছু সপ্তাহ পূৰ্বে তেওঁক লক্ষ্ণৌৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সেই সময়ত সমাজবাদী পাৰ্টিৰ নেতা তথা মুলায়মৰ ডাঙৰ পুত্ৰ অখিলেশ যাদৱ চিকিৎসালয়ত তেওঁক চাবলৈ গৈছিল।
প্ৰতীকৰ শাৰীৰিক অৱস্থা সামান্য উন্নত হোৱাত তেওঁক ঘৰলৈ ঘূৰাই অনা হয়। মঙলবাৰে নিশা প্ৰতীকৰ শাৰীৰিক অৱস্থাৰ পুনৰ অৱনতি ঘটে। লক্ষ্ণৌৰ অসামৰিক চিকিৎসালয়ৰ সঞ্চালক জি পি গুপ্তাই জনোৱা মতে, পুৱা প্ৰায় ৫ বজাৰ ওচৰত প্ৰতীকৰ অসুস্থতাৰ খবৰ লাভ কৰে। ইয়াৰ পিছত চিকিৎসকৰ দল এটা মুলায়মৰ পুত্ৰৰ ঘৰলৈ যায়।
যিহেতু তেওঁৰ শাৰীৰিক অৱস্থা সংকটজনক আছিল, সেয়েহে প্ৰতীকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু চিকিৎসকৰ প্ৰচেষ্টা সত্ত্বেও পুৱা ৫.৫৫ বজাত প্ৰতীকৰ মৃত্যু হয়।
ইতিমধ্যে যাদৱ পৰিয়ালৰ সদস্য গৈ চিকিৎসালয় চৌহদত উপস্থিত হৈছে। তাত আৰক্ষীৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে। জানিব পৰা মতে, বুধবাৰে প্ৰতীকৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব।
উল্লেখযোগ্য যে প্ৰতীক হৈছে সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়মৰ দ্বিতীয় পত্নী সাধনা গুপ্তাৰ পুত্ৰ। সেই হিচাপে প্ৰতীক অখিলেশৰ সতীয়া ভাতৃ। যদিও তেওঁ সম্পূৰ্ণ ৰাজনৈতিক পৰিয়ালত ডাঙৰ-দীঘল হৈছিল, তথাপিও তেওঁ কেতিয়াও ৰাজনীতিত বৰ বেছি সক্ৰিয় নাছিল। বৰঞ্চ ব্যৱসায়তহে গুৰুত্ব দিয়ে।
ব্ৰিটেইনত উচ্চ শিক্ষা সমাপ্ত কৰি প্ৰতীকে ৰিয়েল ইষ্টেট ব্যৱসায়ত নামি পৰে। লক্ষ্ণৌত জিম খুলি ২০১১ চনত প্ৰতীকে অপৰ্ণা বিস্তাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।প্ৰতীকৰ পত্নী অপৰ্ণা অৱশ্যে সদায় ৰাজনীতিত অতি সক্ৰিয় হৈ আহিছে।
২০১৭ চনত সমাজবাদী পাৰ্টিৰ টিকটত লক্ষ্ণৌ কেণ্টনমেণ্টৰ পৰা উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু বিজেপিৰ ৰীতা বহুগুণা যোশীৰ হাতত পৰাস্ত হয়। ২০২২ চনত অপৰ্ণাই সমাজবাদী পাৰ্টি এৰি বিজেপিত যোগদান কৰে। বৰ্তমান তেওঁ উত্তৰ প্ৰদেশ ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ।
শেহতীয়াকৈ প্ৰতীকে পত্নী অপৰ্ণাৰ পৰা বিবাহ বিচ্ছেদ বিচৰাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল।
জানুৱাৰী মাহত অখিলেশৰ ভাতৃয়ে ছ’চিয়েল মিডিয়াত লিখিছিল, “মই এই স্বাৰ্থপৰ মহিলাগৰাকীক যিমান পাৰি সোনকালে বিবাহ বিচ্ছেদ কৰিবলৈ ওলাইছো। তেওঁ মোৰ পাৰিবাৰিক সম্পৰ্ক ধ্বংস কৰি পেলাইছে। তেওঁ খুব বিখ্যাত আৰু প্ৰভাৱশালী হ’ব বিচাৰে। মোৰ মানসিক স্বাস্থ্য বহুত বেয়া। কিন্তু তেওঁ সেই সকলোবোৰৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। তেওঁ নিজৰ বাহিৰে একো বুজি নাপায়। তেওঁক বিয়া কৰোৱাটো মোৰ বাবে দুৰ্ভাগ্যজনক।”
অৱশ্যে অপৰ্ণাৰ ভাতৃয়ে এই পোষ্টটোক লৈ সন্দেহ প্ৰকাশ কৰে। তেওঁ দাবী কৰে যে প্ৰতীকৰ একাউণ্ট ‘হেক’ কৰি পোষ্টটো কৰা হৈছে।










