
কাইলৈ দ্বিতীয়টো কাৰ্যকাল (Second term)ৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ (Oath taking) কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। কিন্তু তেওঁৰ মন্ত্ৰীসভাৰ তালিকা ঘোষণা কৰা হোৱা নাছিল। কিন্তু সোমবাৰে নিশা প্ৰকাশ পাইছে মন্ত্ৰীসভাৰ তালিকা।

ঘোষিত তালিকা অনুসৰি মুখ্যমন্ত্ৰীৰ সৈতে মঙলবাৰে শপত গ্ৰহণ কৰিব ৪ গৰাকী মন্ত্ৰীয়ে। তেওঁলোক হৈছে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগ। আনহাতে, ৰণজিত কুমাৰ দাস বিধানসভাৰ অধ্যক্ষ হোৱাৰ সম্ভাৱনা আছে।













