
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘সন্ত্রাসবাদী’ বুলি অভিহিত কৰাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে (Mallikarjun Kharge)লৈ জাননী জাৰি (issued a notification) কৰিছে নিৰ্বাচন আয়োগে (Election Commission)। ২৪ ঘণ্টাৰ ভিতৰত তেওঁক বাখ্যা দিবলৈ কোৱা হৈছে। বিজেপিৰ প্ৰতিনিধি দলে তেওঁৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ পূৰ্ণ বিচাৰপীঠত অভিযোগ দাখিল কৰে।
তামিলনাডুত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা খাৰ্গেয়ে মঙলবাৰে এক সংবাদমেল অনুষ্ঠিত কৰে। অভিযোগ যে তাত তেওঁ প্ৰধানমন্ত্ৰী মোদীক ‘সন্ত্রাসবাদী’ বুলি অভিহিত কৰে৷ তেওঁ কয়, “দ্ৰাবিড় আন্দোলনৰ নেতা অন্নদুৰাইৰ ছবি ব্যৱহাৰ কৰা এই এআইএডিএমকে লোকসকলে মোদীৰ সৈতে কেনেকৈ হাত মিলাব পাৰে? তেওঁ এজন সন্ত্ৰাসবাদী। তেওঁৰ দলে সমতা আৰু ন্যায়ত বিশ্বাস নকৰে।

তেওঁলোকৰ সৈতে হাত মিলাই গণতন্ত্ৰ দুৰ্বল কৰিছে।” ইয়াকে লৈ বিতৰ্কৰ সৃষ্টি হোৱাত পিছত কংগ্ৰেছ সভাপতিগৰাকীয়ে নিজৰ মন্তব্য স্পষ্ট কৰি দিয়ে। তেওঁ দাবী কৰে যে তেওঁ প্ৰধানমন্ত্ৰীক ‘সন্ত্রাসবাদী’ বুলি একেবাৰেই কোৱা নাই৷ তেওঁ কয়, “মই ক’ব বিচাৰিছিলোঁ যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ সাধাৰণ জনগণ আৰু ৰাজনৈতিক দলসমূহত সন্ত্ৰাস চলাই আছে। মই প্ৰধানমন্ত্ৰীক সন্ত্ৰাসবাদী বুলি কোৱা নাছিলোঁ।” খাৰ্গেয়ে লগতে দাবী কৰে যে তেওঁৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।
খাৰ্গেৰ এই মন্তব্যৰ বিৰুদ্ধে মঙলবাৰে তীব্ৰ প্ৰতিবাদ কৰে বিজেপিয়ে। কংগ্ৰেছক ‘নগৰীয়া নক্সালৰ দল’ বুলি অভিহিত কৰিছে। পশ্চিমবংগৰ এখন বৈঠকৰ পৰা অমিত শ্বাহে দাবী কৰিছিল যে ৰাহুল গান্ধীৰ লগত মিলিত হৈ খাৰ্গেৰ ‘ভাষা’ৰ অৱনতি ঘটিছে। কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ, কিৰেণ ৰিজিজু আৰু অৰ্জুন ৰাম মেঘৱালৰ এটা প্ৰতিনিধি দলে খাৰ্গেৰ বিৰুদ্ধে আয়োগৰ ওচৰত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে আয়োগে ব্যৱস্থা গ্ৰহণ কৰে।







