
বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ (Assembly Election)। পশ্চিমবংগত প্ৰথম পৰ্যায়ৰ সমান্তৰালকৈ তামিলনাডুত এটা পৰ্যায়ত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

তামিলনাডুৰ নিৰ্বাচনত পূৰ্বৰে পৰা দুইকোণীয়া যুঁজত ডিএমকে আৰু এআইএডিএমকেয়ে প্ৰতিদ্বন্দ্বিতা কৰি আহিছে। কিন্তু এইবাৰ জয়াললিতাৰ দল এআইএডিএমকেৰ সৈতে মিত্ৰতা কৰি তামিলনাডু বিধানসভা নিৰ্বাচনত বিজেপিয়ে যুঁজ দিছে।
অৱশ্যে এইবাৰ নিৰ্বাচনী যুঁজত আন এক শক্তিৰ সৃষ্টি হৈছে। অভিনেতা তথা ৰাজনীতিবিদ বিজয়ৰ দল ‘তামিলাগা ভেত্ৰী কাঝাগাম’ (টিভিকে)য়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত বিজয়ৰ দল গঠন হৈছিল।
তামিলনাডু বিধানসভাৰ ২৩৪ খন আসনৰ বাবে বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু এতিয়ালৈকে ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি আছে৷ এই ২৩৪ খন আসনত ৪,০২৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৫,৭৩,৪৩,২৯১ গৰাকী আৰু মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ৭৫,০৬৪ টা।
আনহাতে, ২০২১ৰ বিধানসভা নিৰ্বাচনত ৮টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা পশ্চিমবংগত এইবাৰ দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ মুঠ ২৯৪ টা সমষ্টিৰ ভিতৰত প্ৰথম পৰ্যায়ত ১৬ খন জিলাৰ ১৫২টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১,৪৭৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। আনহাতে, ভোটাধিকাৰ সাব্যস্ত কৰিব প্ৰায় ৩.৬ কোটি ভোটাৰে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৪৪,৩৭৮ টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ৰাজ্যখনত অহা ২৯ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।







