
অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে অসম বিধানসভা নিৰ্বাচন (Assam assembly elections), ২০২৬ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ আজি একেটা পর্যায়তে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত ভোটদান অনুষ্ঠিত হৈছে।

নিৰ্বাচন আয়োগৰ তথ্য মতে, এইবাৰৰ নিৰ্বাচনত মুঠ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১,২৫,৩১,৫৫২ গৰাকী পুৰুষ, ১,২৫,২২,৫৯৩ গৰাকী মহিলা আৰু ৩১৮ গৰাকী তৃতীয় লিংগকে ধৰি মুঠ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে। এই ৭২২ প্ৰাৰ্থীৰ ভিতৰত ৬৫৩ গৰাকী পুৰুষৰ বিপৰীতে ৬৯ গৰাকী মহিলা।
এতিয়ালৈকে পোৱা তথ্য অনুসৰি, ভোটদান প্ৰক্ৰিয়া সুকলমে চলি আছে। অৱশ্যে বহু ঠাইত বতৰ প্ৰতিকূল যদিও ভোটাৰৰ উৎসাহ কম হোৱা নাই। আনহাতে, বহু ভোটকেন্দ্ৰত পুৱা ৭বজাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়।
আজি পুৱাতে সপৰিয়ালে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ জালুকবাৰী সমষ্টিৰ গড়লৰ এটা ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।
ভোটদানৰ পূৰ্বে এক বিশেষ পূজা কৰে মুখ্যমন্ত্ৰীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি সকলোকে ভোটদানৰ বাবে আহ্বান জনায়। বিশেষকৈ যুৱ আৰু মহিলা ভোটাৰসকলক এই গণতন্ত্ৰৰ উৎসৱত যোগদান কৰিবলৈ দলেবলে ওলাই আহিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে ৰাজ্যৰ সৰ্বমুঠ ৩১,৪৯০ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান অনুষ্ঠিত হৈছে। এই কেন্দ্ৰসমূহৰ প্ৰতিটোতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ভিতৰত ৩১,৪৮৬ টা মূল ভোটকেন্দ্ৰ আৰু ৪ টা সহায়ক ভোটকেন্দ্ৰ।
ৱেবকাষ্টিং ব্যৱস্থাৰ জৰিয়তে ভোটকেন্দ্ৰসমূহৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা নিৰীক্ষণ কৰা হ’ব।












