
আৰু মাত্ৰ কেইঘণ্টামান পিছতে অনুষ্ঠিত হ’ব ষষ্ঠদশ অসম বিধানসভাৰ ভোটগ্ৰহণ (Assam Legislative Assembly election)। এইবাৰৰ নিৰ্বাচনত ৭২২ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ (722 candidates passed) হৈছে। এইসকল প্ৰৰ্থীয়ে মনোনয়নৰ সৈতে নিৰ্বাচন আয়োগৰ ওচৰত জমা দিছে ব্যক্তিগত তথ্যৰ শপতনামা। এছোচিয়েচন ফৰ ডেম’ক্ৰেটিকছ ৰিফ’ৰ্মছ আৰু আছাম ইলেকচনৱাছে প্ৰাৰ্থীসকলৰ শপতনামাৰ ভিত্তিত যুগুত কৰা প্ৰতিবেদনত দাখিল কৰা কেইটামান তথ্য (Some information) ইয়াত আগবঢ়োৱা হৈছে।
আটাইতকৈ ধনী আৰু আটাইতকৈ দুখীয়া প্ৰাৰ্থী :
সৰ্বাধিক ধনী প্ৰাৰ্থী হাইলাকান্দি সমষ্টিৰ ৰাহুল ৰয় (Rahul Roy) (কংগ্ৰেছ)। স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ২৬১ কোটি টকা
আটাইতকৈ দুখীয়া প্ৰাৰ্থী ধ্ৰুৱ হাইলাকান্দিৰে চক্ৰৱৰ্তী (নিৰ্দলীয়) আৰু জীৱন ৰয় (নিৰ্দলীয়)। তেওঁলোকৰ হাতত এটকাও নাই।
আনহাতে, হাইলাকান্দিৰ গৌতম নাথৰ হাতত আছে ৪০০ টকা আৰু অজিত নুনীয়াৰ হাতত ২০০ টকা।
কোটিপতি প্ৰাৰ্থী :
৭২২ গৰাকী প্ৰাৰ্থীৰ মুঠ সম্পত্তিৰ পৰিমাণ ২,৩৫২ কোটি
বিজেপিৰ মুঠ ৯০ প্ৰাৰ্থীৰ গড় সম্পত্তি ৭.০১ কোটি
কংগ্ৰেছৰ মুঠ ৯৯ প্ৰাৰ্থীৰ গড় সম্পত্তি ৬.৯২ কোটি
মুঠ ২৮৫ প্রার্থী কোটিপতি
নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ ৩৯ শতাংশ কোটিপতি

অপৰাধৰ গোচৰ থকা প্ৰাৰ্থী :
মুঠ ৭২২ প্ৰাৰ্থীৰ ভিতৰত ১০২ গৰাকীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ
কংগ্ৰেছৰ ৯৯ প্ৰাৰ্থীৰ ২৮ জনৰ বিৰুদ্ধে অপৰাধৰ গোচৰ
বিজেপিৰ ৯০ প্ৰাৰ্থীৰ ৮ জনৰ বিৰুদ্ধে অপৰাধৰ গোচৰ
এ আই ইউ ডি এফৰ ৩০ প্ৰাৰ্থীৰ ১১ জনৰ বিৰুদ্ধে অপৰাধৰ গোচৰ
অগপৰ ২৬ প্ৰাৰ্থীৰ ৬ জনৰ বিৰুদ্ধে অপৰাধৰ গোচৰ
ৰাইজৰ দলৰ ১৩ প্ৰাৰ্থীৰ ২ জনৰ বিৰুদ্ধে অপৰাধৰ গোচৰ
অজাপৰ ১০ প্ৰাৰ্থীৰ ২ জনৰ বিৰুদ্ধে অপৰাধৰ গোচৰ
চি পি আই (এম এল)ৰ ৩ প্ৰাৰ্থীৰ এজনৰ বিৰুদ্ধে অপৰাধৰ গোচৰ
মুঠ গোচৰৰ ভিতৰত ৮ জনৰ বিৰুদ্ধে হত্যাৰ গোচৰ
৯ জনৰ বিৰুদ্ধে হত্যাৰ চেষ্টা চলোৱাৰ গোচৰ
আটাইতকৈ বেছি গোচৰ অখিল গগৈৰ বিৰুদ্ধে
কোটিপতি প্ৰাৰ্থী :
১০ লাখতকৈ কম সম্পত্তি থকা প্ৰাৰ্থীৰ সংখ্যা ১৮৩
১০-৫০ লাখৰ সম্পত্তি থকা প্ৰাৰ্থী ১৬৫
৫০ লাখ-২ কোটিৰ সম্পত্তি থকা প্ৰাৰ্থী ১৭০
২-৫ কোটিৰ সম্পত্তি থকা প্ৰাৰ্থী ১০৮
৫ কোটিৰ ওপৰৰ সম্পত্তি থকা প্ৰাৰ্থী ৯৬
বয়োজ্যেষ্ঠ-যুৱ প্ৰাৰ্থী :
১৫ গৰাকীৰ বয়স ২৫-২৬ বছৰ
১৪ গৰাকীৰ বয়স ৭০-৭৯ বছৰ
৪২ গৰাকীৰ বয়স ২৫-৩০ বছৰ
১৭৪ গৰাকীৰ বয়স ২৫-৪০ বছৰ
শিক্ষাগত অৰ্হতা :
স্নাতক ডিগ্ৰীধাৰী ২১২ গৰাকী
গ্ৰেজুৱেট প্ৰফেচনেল ৪৯ গৰাকী
স্নাতকোত্তৰ ডিগ্ৰীধাৰী ১১১ গৰাকী
ডক্টৰেট থকা ১২ গৰাকী
ডিপ্ল’মাধাৰী ১২ গৰাকী
দ্বাদশ উত্তীৰ্ণ ১৫৮ গৰাকী
দশম শ্ৰেণী উত্তীৰ্ণ ১১০ গৰাকী
অষ্টম শ্ৰেণী উত্তীৰ্ণ ৪৫ গৰাকী
পঞ্চম শ্ৰেণী উত্তীৰ্ণ ১০ গৰাকী













