
চলিত মাহত দেশৰ চাৰিখন ৰাজ্য (Four states) আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলত (Union Territory) ভোটগ্ৰহণ অনুষ্ঠিত (Voting held) হ’ব। পৰিসংখ্যাই দেখুৱাইছে যে অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত মহিলা ভোটাৰ (Female voter)ৰ শক্তি এতিয়া পুৰুষৰ সমান (Equal to men)। কোনো কোনো ঠাইত আনকি পুৰুষকো অতিক্ৰম কৰিছে।
পুডুচেৰীত সংখ্যাৰ ফালৰ পৰা মহিলা ভোটাৰ আগবাঢ়ি আছে। পুডুচেৰীত পুৰুষ ভোটাৰতকৈ প্ৰায় ৬০ হাজাৰ মহিলা ভোটাৰ বেছি। আনহাতে, কেৰালাত মহিলাৰ সংখ্যাই পুৰুষৰ সংখ্যা (১.৩১ কোটি) অতিক্ৰম কৰি ১.৩৮ কোটি হৈছে। ইফালে অসমত পুৰুষ আৰু মহিলা ভোটাৰ (Male and female voters)ৰ সংখ্যা প্ৰায় সমান (Numbers are almost equal)। ইয়াৰ উপৰি তামিলনাডুত মুঠ ভোটাৰৰ ৫১ শতাংশ মহিলা, পশ্চিমবংগত প্ৰায় ৭ কোটি ভোটাৰৰ ভিতৰত ৩.৪৪ কোটি মহিলা।
উল্লেখ্য যে ৰাজনৈতিক দলসমূহে মহিলাৰ মন জয় কৰিবলৈ কোনো ত্ৰুটি কৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ আইনক আহিলা হিচাপে ব্যৱহাৰ কৰি বংগত প্ৰচাৰ চলাইছে। তেওঁকয়, “দেশৰ ডাঙৰ ডাঙৰ সিদ্ধান্তত মাতৃ-ভগ্নীসকলৰ অংশগ্ৰহণ গুৰুত্বপূৰ্ণ।”

অসমতো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে মহিলাসকলক সন্মোহন কৰিবলৈ আঁচনিৰ ওপৰত আঁচনি আনিছে। ইয়াৰ দ্বাৰা বহু ক্ষেত্ৰত মহিলা ভোটাৰৰ মন জয় কৰিবলৈও সক্ষম হৈছে। বংগৰ তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়েও ভোটাৰ তালিকাৰ পৰা নাম বাদ দিয়াৰ বাবে বিজেপিক আক্ৰমণ কৰাৰ উপৰি মহিলাসকলে যাতে নিৰ্ভয়ে ভোটদান কৰিব পাৰে তাৰ বাবে এটা বাৰ্তা প্ৰদান কৰিছে।
আনহাতে, দক্ষিণৰ ৰাজ্যসমূহো এইক্ষেত্ৰত পিছপৰি থকা নাই। তামিলনাডুত ডি এম কেয়ে প্ৰতিশ্ৰুতি দিছে যে ক্ষমতালৈ আহিলে মহিলাসকলক ঘৰুৱা সামগ্ৰী ক্ৰয় কৰাৰ বাবে ৮ হাজাৰ টকাৰ কুপন দিয়া হ’ব। আনকি চৰকাৰী বাছত যাত্ৰাও বিনামূলীয়া কৰা হ’ব। কেৰালাত বিজেপিয়ে দৰিদ্ৰ মহিলা পৰিয়ালৰ মুৰব্বী আৰু বিধৱাৰ পেঞ্চন ৩ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছে।
উল্লেখ্য যে ৯ এপ্ৰিলত অসম, কেৰালা আৰু পুডুচেৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তামিলনাডুৰ ভোটাৰে ২৩ এপ্ৰিলত ভোটদান কৰিব। বংগত ভোটদান দুটা পৰ্যায়ত ২৩ আৰু ২৯ এপ্ৰিলত অনুষ্ঠিত হ’ব। ৪ মে’ত আটাইকেইখন ৰাজ্যৰ ফলাফল ঘোষণা কৰা হ’ব।













