
ৰাজ্যৰ মুঠ ১২৬ টা সমষ্টিৰ (total of 126 seats) ৭২২ গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ৰণৰ প্ৰচাৰ অভিযানৰ (Campaign) আজি বিয়লি ৫ বজাত অন্ত (Ends at 5 PM) পৰে। এতিয়া অপেক্ষা মাথোঁ এটা দিনৰ। ৯ এপ্ৰিলত (9th April) ৰাজ্যজুৰি এটা পৰ্যায়তে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ (Voting)। লগে লগে ইভিএমত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। অৱশ্যে কাৰ ভাগ্যত সফলতা লিখা আছে সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব ৪ মে’লৈ।

এইবাৰৰ নিৰ্বাচনত দাখিল কৰা মুঠ ১৩৮৯ খন মনোনয়নৰ ভিতৰত ১২৪৮ খন গৃহীত হয়। আনহাতে, ৫১ খন বাতিল হোৱাৰ বিপৰীতে ৯০ খন প্ৰত্যাহাৰ কৰা হয়। মুঠ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত পুৰুষ ৬৫৩ গৰাকীৰ বিপৰীতে মহিলা প্ৰাৰ্থী হৈছে ৬৯ গৰাকী।













