
বৰ্তমান ৰাজ্যত নিৰ্বাচনী (Election) বতাহ তীব্ৰ বেগত বলিব ধৰিছে। প্ৰতিটো দলৰে প্ৰাৰ্থী-নেতাসকলে নিজৰ নিজৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ইফালে শাসক-বিৰোধী উভয় দলৰে কেন্দ্ৰীয় নেতাৰে ভৰি পৰিছে অসম। বিশেষকৈ বিজেপি আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা, মন্ত্ৰীসকলে ৰাজ্যৰ বিভিন্ন স্থানত নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাইছে। মঙলবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়।
আনহাতে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়েও কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। আহি আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীও। তাৰ মাজতে বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব (Come to Assam) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)৷

বিশ্বনাথ (Biswanath) আৰু ধেমাজি (Demaji) জিলাত দুখনকৈ নিৰ্বাচনী সভা (Election meeting)ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে (Prime Minister will participate)৷ বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰধানমন্ত্ৰীয়ে বিশ্বনাথ জিলাৰ বিহালী আৰু ধেমাজিৰ গোগামুখত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব।
বিহালী সমষ্টিৰ কুলাগুৰিত বিহালী সমষ্টিৰ বিজেপি প্ৰাৰ্থী মুনীন্দ্ৰ দাস, বিশ্বনাথ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাস আৰু গহপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব৷ আনহাতে, গোগামুখত লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, জোনাই আৰু নৱগঠিত চিচিবৰগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব৷












