
বেংগালুৰু (Bengaluru)ৰ এখন চিকিৎসা মহাবিদ্যালয় (Medical College)ত সংঘটিত হৈছে এই ঘটনা। এখন চিকিৎসা মহাবিদ্যালয়ৰ এনে চাঞ্চল্যকৰ ঘটনাই ঊৰ্ধ্বতন কৰ্তৃপক্ষকো জোকাৰি গৈছে। জানিব পৰা মতে, অধ্যাপকগৰাকীয়ে শ্ৰেণীকোঠাৰ ভিতৰতে এগৰাকী ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ (Propose love to the female student) দিছিল। এই ঘটনাক কেন্দ্ৰ কৰি ব্যাপক ক্ষোভৰ সৃষ্টি হয় আৰু পিছত অধ্যাপকজনক প্ৰহাৰ (Assault on the professor) কৰাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, অধ্যাপকজনে শ্ৰেণীৰ সময়তে ছাত্ৰজনৰ প্ৰতি হঠাতে নিজৰ অনুভৱ প্ৰকাশ কৰে। অৱশ্যে ছাত্ৰীগৰাকীয়ে লগে লগে আপত্তি কৰে। ফলত দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয়। সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত অধ্যাপকগৰাকীয়ে মাইক্ৰ’ফোনত কোৱা দেখা গৈছে, “মই আমাৰ বেটচৰ এগৰাকী বিশেষ ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ দিব বিচাৰো।”
তাৰ পিছত তেওঁ ছাত্ৰীগৰাকীৰ নাম উল্লেখ কৰে। লগে লগে ছাত্ৰীগৰাকীয়ে প্ৰতিবাদ সাব্যস্ত কৰে আৰু পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলে। ভিডিঅ’টোত অধ্যাপকগৰাকীয়ে দাবী কৰাও শুনা গৈছে যে ছাত্ৰীগৰাকীয়ে পূৰ্বে তেওঁক “আই লাভ ইউ” বুলি প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু ছাত্ৰীগৰাকীয়ে ৰাজহুৱাকৈ অস্বীকাৰ কৰি কয়, “মই কেতিয়াও তেনেকৈ কোৱা নাছিলো।” ইফালে বিতৰ্কৰ মাজতে ছাত্ৰীগৰাকীয়ে অধ্যাপকজনক সম্বোধন কৰি কয়, “আপুনি যদি কিবা ক’ব বিচাৰে তেন্তে প্ৰিন্সিপালৰ ওচৰলৈ যাওক। গোটেই বেটচটো আপোনাৰ লগত যাব।”

দুয়োপক্ষৰ মাজত হোৱা আলোচনা এনেধৰণৰ আছিল-
অধ্যাপক : তুমি মোক প্ৰস্তাৱ দিছিলা।
ছাত্ৰী : মই কেতিয়া প্ৰস্তাৱ দিছিলো?
অধ্যাপক : তুমি ‘আই লাভ ইউ’ বুলি কোৱা নাছিলা নেকি?
ছাত্ৰী : মোক ক্ষমা কৰিব, মই কেতিয়া প্ৰস্তাৱ দিছিলো?
অধ্যাপক : চিচিটিভি আছে।
ছাত্ৰী : তেনেহ’লে দেখুৱাই দিয়ক।
তেনেতে ক্লাছৰ পৰা ওলাই আহোঁতে অধ্যাপকজনে কয়, “কাইলৈ তোমাৰ লগত কথা পাতিম।”
উত্তৰত ছাত্ৰীগৰাকীয়ে কয়, “মই কথা ক’ব নিবিচাৰো।”
ইয়াৰ কিছু সময়ৰ পাছত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।
অভিযোগ অনুসৰি, কলেজৰ ভিতৰতে অধ্যাপকগৰাকীক ঘেৰাও কৰি ছাত্ৰীগৰাকী আৰু সহপাঠীসকলে মাৰপিট কৰে। ঘটনাৰ পিছতে মহাবিদ্যালয়ত উপস্থিত হৈ পৰিস্থিতিৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।










