
কেৱল হিন্দু, শিখ আৰু বৌদ্ধসকলেহে নিজকে অনুসূচিত জাতি (Scheduled Tribe) বুলি দাবী কৰিব পাৰে। আন কোনো ধৰ্মক অনুসূচিত জাতি বুলি গণ্য কৰিব নোৱাৰি। মঙলবাৰে উচ্চতম ন্যায়ালয়ে (Supreme court of India) এই কথা প্ৰকাশ কৰে। একে সময়তে আদালতে এইটোও কয় যে যদি কোনোবাই উক্ত ধৰ্মসমূহৰ পৰা ধৰ্মান্তৰিত হয় তেন্তে তেওঁ আৰু কোনো অনুসূচিত জাতিৰ হৈ নাথাকে।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পি কে মিশ্ৰ আৰু এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠত এক শুনানিত মঙলবাৰে দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে কয় যে যদি কোনোবাই ধৰ্মান্তৰিত হয় তেন্তে অনুসূচিত জাতি হোৱাৰ স্বীকৃতিও তৎক্ষণাত নাইকিয়া হৈ যায়। এই ক্ষেত্ৰত এজন ব্যক্তিয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। ইয়াৰ আগতে তেওঁ অনুসূচিত জাতিৰ আছিল। আদালতে স্পষ্ট কৰি দিয়ে যে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছত উক্ত ব্যক্তিজনে আৰু নিজকে অনুসূচিত জাতি বুলি দাবী কৰিব নোৱাৰে।

অন্ধ্ৰপ্ৰদেশৰ এটা গোচৰৰ প্ৰেক্ষাপটত উচ্চতম ন্যায়ালয়ে এই ৰায় দিয়ে। এজন খ্ৰীষ্টান লোকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। আক্ৰমণৰ কিছুদিন পূৰ্বে অনুসূচিত জাতিৰ লোকজনে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। কিন্তু এই আক্ৰমণৰ সন্দৰ্ভত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত এফ আই আৰ ৰুজু কৰা হয়। এফ আই আৰ খাৰিজ কৰিবলৈ অভিযুক্তই গোচৰ তৰে। অভিযুক্তই যুক্তি দিয়ে যে লোকজনে ধৰ্মান্তৰিত হৈছে। গতিকে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আইনৰ অধীনত আৰু গোচৰ ৰুজু কৰিব নোৱাৰিব।
এই সন্দৰ্ভত অভিযুক্তই প্ৰথমে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ কাষ চাপে। উচ্চ ন্যায়ালয়ে লগতে কয় যে ধৰ্মান্তৰিত ব্যক্তিজন এতিয়া অনুসূচিত জাতিৰ নহয়। সেই সময়ত উচ্চ ন্যায়ালয়ে কয় যে খ্ৰীষ্টান ধৰ্মত জাতি ব্যৱস্থা বুলি কোনো কথা নাই। গতিকে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্পৰ্কীয় আইন সেই ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰিব। ফলত উচ্চ ন্যায়ালয়ে এফ আই আৰ খাৰিজ কৰাৰ নিৰ্দেশ দিয়ে। কিন্তু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। অৱশ্যে উচ্চতম ন্যায়ালয়েও উচ্চ ন্যায়ালয়ৰ ৰায়ক সমৰ্থন কৰে।










