
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) শনিবাৰে শিলচৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বৰাক উপত্যকাৰ উন্নয়নৰ অংশ হিচাপে কাছাৰ জিলাত প্ৰায় ২৩ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভণি কৰে প্ৰধানমন্ত্ৰীয়ে।

শুকুৰবাৰে গুৱাহাটীত উপস্থিত হৈ প্ৰায় ২৪ হাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্প মুকলি তথা শিলান্যাস কৰাৰ পিছত শনিবাৰে শিলচৰত ২৩,৫৫০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰে প্ৰধানমন্ত্ৰীয়ে৷
প্ৰধানমন্ত্ৰীয়ে শিলচৰত ২২ হাজাৰ কোটি ব্যয়সাপেক্ষেৰে নিৰ্মাণ হ’বলগীয়া শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ হাইৱে প্ৰকল্পৰ শিলান্যাস কৰে।
আনহাতে, শিলচৰৰ ৰামনগৰ বাইপাছৰ জনসভাৰ পৰা প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু সৰ্ববৃহৎ গ্ৰীণ ফিল্ড এক্সপ্ৰেছ হাইৱেৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে।
শিলচৰ চহৰত নিৰ্মাণ হ’বলগীয়া এলিভেটেড কৰিড’ৰ, শ্ৰীভূমিৰ পাথাৰকান্দিত স্থাপন হ’বলগীয়া বৰাক উপত্যকাৰ প্ৰথমখন কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। আনহাতে, বদৰপুৰ-ত্ৰিপুৰাৰ চুৰাইবাৰিৰ মাজত নিৰ্মিত বৈদ্যুতিক লাইনৰ আনুষ্ঠানিক উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।













