
সোমবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান (Join Congress) কৰে সদ্য অগপত্যাগী নেতা জয়ন্ত খাউণ্ডে (Jayanta Khaund)৷ তেওঁ সোমবাৰে বিয়লি নতুন দিল্লীস্থিত কংগ্ৰেছ কাৰ্যালয়ত গৌৰৱ গগৈ, কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আদিৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে। কংগ্ৰেছত যোগদানৰ পিছত দললৈ আদৰণি জনাই গৌৰৱ গগৈয়ে কয় যে এজন যুৱ নেতা হিচাপে যাত্ৰা আৰম্ভ কৰা জয়ন্ত খাউণ্ডে অসমৰ সংস্কৃতি ৰক্ষাৰ হকে বহু কাম কৰিছে।

তেওঁৰ এই যোগদানে কংগ্ৰেছক শক্তিশালী কৰিছে। আনহাতে, কংগ্ৰেছত যোগদানৰ পিছত জয়ন্ত খাউণ্ডে কয় যে লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ কাম-কাজে তেওঁক অনুপ্ৰাণিত কৰিছে। যাৰবাবে তেওঁ কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত লয়৷













