
ৰাজ্যসভা (Rajya Sabha)ৰ বাবে অসমৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে (Without competition) নিৰ্বাচিত (Selected) হৈছে বিজেপি (BJP)ৰ যোগেন মহন (Jogan Mohan), তেৰছ গোৱালা (Teros Gowala) আৰু ইউ পি পি এল (UPPL)ৰ প্ৰমোদ বড়ো (Promod Boro)। সোমবাৰে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত তেওঁলোক বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয়। কিয়নো এই তিনিওখন আসনৰ বিপৰীতে কেৱল এখনকৈহে মনোনয়ন-পত্ৰ দাখিল কৰা হৈছিল। যাৰবাবে ৰিটাৰ্ণিং বিষয়া ৰাজীৱ ভট্টাচাৰ্যই তিনিওগৰাকীকে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী ঘোষণা কৰে৷

উল্লেখ্য যে, অহা ১৬ মাৰ্চত ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন। যদি কোনো আসনত এখনতকৈ অধিক মনোনয়ন-পত্ৰ দাখিল হয় তেন্তে সেইদিনা নিৰ্বাচন অনুষ্ঠিত হ’লহেঁতেন। কিন্তু সেইটো নোহোৱাত তিনিওগৰাকীকে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ঘোষণা কৰি অসম বিধানসভা সচিবালয়স্থিত ৰাজ্যসভা নিৰ্বাচনৰ কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়া ৰাজীৱ ভট্টাচাৰ্যই তেওঁলোকক আনুষ্ঠানিকভাৱে বিজয়ীৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰে।











