
কামৰূপ জিলাৰ ছয়গাঁও থানাৰ আৰক্ষীয়ে আজি ছয়গাঁৱৰ উকিয়াম পথৰ ডাকুৱাপাৰা আৰু ঔগুৰিত সুকীয়া সুকীয়া অভিযান চলাই ১১টা গৰু জব্দ কৰে।

গৰুকেইটা খোজ কঢ়াই চালানবিহীনভাৱে মেঘালয়ৰ দিশে নি থকা হৈছিল বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে এই সন্দৰ্ভত ছজন লোকক আটক কৰে। ধৃত লোককেইজন হ’ল ছয়গাঁৱৰ বৰঘূলিৰ প্ৰফুল্ল চাংমা (৩০), সন্যাসীৰ ৰফাট আলী (৪০), বৰবাকাৰৰ ক্ৰমে বিদ্যাধৰ ৰাভা (৩৮), লক্ষীৰাম ৰাভা (৪০), মুনু ৰাভা (৩৫) আৰু ধীৰাজ ৰাভা।












