
মাৰ্চৰ মাজভাগলৈ সম্পন্ন হ’ব আগন্তুক বিধানসভা নিৰ্বাচন (Assembly Election)ৰ বাবে এন ডি এ মিত্ৰ (NDA alliance) দলৰ মাজত আসনৰ ভাগ-বতৰা (Distribution of seats)। মঙলবাৰে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)।

কাৰ্বি আংলঙৰ বোকাজানত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ইতিমধ্যে বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহৰ মাজত আলোচনা চূড়ান্ত পৰ্যায়ত উপনীত হৈছে আৰু আসন বুজাবুজি শীঘ্ৰে ঘোষণা কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে মিত্ৰ দলসমূহৰ মাজত এতিয়াও প্ৰাৰ্থীৰ বিবেচনা এতিয়াও বাকী আছে। মাৰ্চৰ ১৫-১৬ তাৰিখৰ ভিতৰত প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হ’ব। এই বিষয়ত মিত্ৰ দলসমূহৰ মাজত আলোচনা চলি আছে। সকলোবোৰ সঠিক দিশত আগবাঢ়ি থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বে মিত্ৰতা সম্পূৰ্ণ হ’ব।












