
বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় (Bokakhat H.S. School) হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত (HSLC Ex centre) আজি ছাত্ৰৰ নকল (Copy) ধৰাক লৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। বোকাখাত আৰক্ষীত এজাহাৰ দাখিল (Filing a complaint in police) কৰে অধ্যক্ষ কমল গগৈয়ে। সমগ্ৰ ৰাজ্যতে বৰ্তমান চলি আছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। অসমৰ ভিতৰতে অন্যতম বৃহৎ পৰীক্ষা কেন্দ্ৰ বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ। এই পৰীক্ষা কেন্দ্ৰৰ অধীনত বোকাখাত অঞ্চলৰ ভালেকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী প্ৰতি বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।
চিন্তনীয় বিষয় যে পৰীক্ষা কেন্দ্ৰৰ মুখ্য তত্বাৱধায়ক তথা বিদ্যালয়ৰ অধ্যক্ষক শাৰিৰীকভাবে অপদস্থ কৰিবলৈ উদ্যত হয় একাংশ অভিভাৱকে। উল্লেখ্য যে পৰীক্ষা কেন্দ্ৰটোত আজি পুৱা অনুষ্ঠিত পৰীক্ষাৰ প্ৰাক মূহূৰ্তত ছাত্ৰ-ছাত্ৰীৰ প্ৰৱেশ পথত তালাচী চলায় কৰ্তৃপক্ষই। পৰীক্ষা নীতি উলংঘা কৰি একাংশ ছাত্ৰই পৰীক্ষা কেন্দ্ৰত নকল, ম’বাইল ফোন লৈ প্ৰৱেশ কৰাৰ খবৰৰ ভিত্তিত তালাচী চলাইছিল কেন্দ্ৰটোৰ কৰ্তৃপক্ষই। ইয়াতে একাংশ অভিভাৱকে ক্ষুব্ধ হৈ বিদ্যালয়খনৰ অধ্যক্ষ কমল গগৈক মাৰিবলৈ খেদি আহে আৰু অশ্ৰাব্য গালি গালাজ কৰে। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত অধ্যক্ষ গগৈয়ে জানিবলৈ দিয়ে যে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰটোত চলি থকাৰ মাজতে ইয়াৰ পূৰ্বৰ পৰীক্ষাত একাংশ দুষ্ট ছাত্ৰই অনৈতিকভাৱে নকল, মোবাইল লৈ প্ৰৱেশ কৰাৰ চেষ্টা কৰোঁতে ধৰা পৰাৰ বাবে আজিৰ পৰীক্ষাৰ পূৰ্বে কোনো নকল, মোবাইল লৈ পৰীক্ষা কেন্দ্ৰত ছাত্ৰ ছাত্ৰীক প্ৰৱেশ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে ধৰা পৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি পৰীক্ষা কেন্দ্ৰটোত ঘোষণা কৰা হয়।

লগতে পৰীক্ষা সুন্দৰ আৰু নিয়াৰিকৈ অনুষ্ঠিত হোৱাৰ স্বাৰ্থতে ঘোষণাত পূৰ্বে নকল অনা একাংশ দুষ্ট ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়ৰ নাম স্পষ্ট কৰি দিয়া হয়। তেনেতে অৰ্থাৎ কেন্দ্ৰটোত পৰীক্ষাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাত ব্যস্ত হৈ থকা সময়তে অধ্যক্ষ গগৈক জনৈক শিক্ষক আৰু অভিভাৱকে অশ্ৰাব্য ভাষাৰে “বেছি কৰিছ”, “ল’ৰা ছোৱালীক মানসিক কষ্ট দিছ” আদি অজস্ৰ ভৰ্ৎসনা কৰি অধ্যক্ষ গৰাকীলৈ হাত তুলিবলৈ উদ্যত হয়। পৰীক্ষা কেন্দ্ৰত থকা আৰক্ষীৰ বাধা নামানি পৰীক্ষা কেন্দ্ৰৰ নিয়ম ভংগ কৰি নিৰাপত্তা আবেষ্টনীও ঠেলি অধ্যক্ষলৈ খেদি অহা আহি জনৈক শিক্ষক, অভিভাৱকৰ সৈতে একাংশ লোকে পৰীক্ষা কেন্দ্ৰৰ প্ৰাংগণ উত্তপ্ত কৰি পৰিৱেশ বিনষ্ট কৰে বুলি অধ্যক্ষ গগৈয়ে সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰে।
গগৈয়ে আৰু কয় যে পৰৱৰ্তী পৰীক্ষা বাকী আছে। গতিকে এনে পৰিস্থিতিত শিক্ষিত হৈ, মিছাকৈ পৰীক্ষা কেন্দ্ৰত আহি অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰা কাৰ্যত অধ্যক্ষ গগৈয়ে দুখ প্ৰকাশ কৰে। লগতে এই বিষয়ে বোকাখাতৰ আৰক্ষী প্ৰশাসনক জনোৱা হৈছে আৰু এই ক্ষেত্ৰত এক এজাহাৰ দাখিল কৰা হৈছে বুলিও গগৈয়ে জানিবলৈ দিয়ে। লগতে জনৈক শিক্ষকে কৰ্মৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈও বিষয়টো অৱগত কৰি শিক্ষকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এক জাননী প্ৰেৰণ কৰে বুলি জনায়। উল্লেখ্য যে জনৈক শিক্ষক এগৰাকী অভিভাৱকো আৰু পাছবেলা অনুষ্ঠিত হৈ থকা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁ পৰীক্ষাৰ ডিউটিও কৰিছে।
উল্লেখ্য যে পৰীক্ষাত ধৰা পৰা অনৈতিক আৰু অবৈধভাৱে মোবাইল ফোন লৈ অহা ছাত্ৰৰ অনাগত ভৱিষ্যতৰ কথা ভাবিয়ে কৰ্তৃপক্ষৰ মাজত হোৱা আলোচনা মৰ্মে মোবাইল ফোনটো কেৱল জব্দ কৰি থৈ ছাত্ৰজনৰ বিৰুদ্ধে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰি ছাত্ৰ জনক পৰীক্ষাত বহিবলৈ অনুমতি দীছিল কৰ্তৃপক্ষই। এই সন্দৰ্ভত অধ্যক্ষ গগৈয়ে বোকাখাত থানাত বি এইচ এচ এচ/৪০৬/২০২৫-২৬/এইচ এচ এল চি প্ৰসংগ নম্বৰৰ এক এজাহাৰ দাখিল কৰে । সাম্প্ৰতিক সময়ত ৰাজ্যখনত এনে দুষ্ট চক্ৰই ঘটোৱা এনে দুষ্কাৰ্যৰ বাতৰি অহাৰ সময়তে বোকাখাত সমজিলাৰ পুৰণি আৰু বৃহৎ পৰীক্ষা কেন্দ্ৰটিৰ পূৰ্বৰ সুনাম, গৌৰৱ আৰু সুস্থ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ এনে ঘটনাক লৈ চিন্তিত আৰু উদ্বিগ্ন হৈছে সচেতন মহল।












