
দেশৰ বিভিন্ন ৰাজ্যৰ হিতাধিকাৰী সংস্কৃতি (Beneficial culture)ক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰিলে উচ্চতম ন্যায়ালয়ে (Suprem Court)। বৃহস্পতিবাৰে তামিলনাডু (Tamilnadu) ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানী (State Electricity Distribution Company)য়ে দাখিল কৰা আবেদনৰ উত্তৰত উচ্চতম ন্যায়ালয়ৰ পৰ্য্যবেক্ষণ, “ৰাজহ ঘাটি থকাৰ পিছতো দেশৰ বেছিভাগ ৰাজ্যতে হিতাধিকাৰী আঁচনৰ প্ৰচলন আছে।”
তামিলনাডু ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানীয়ে ৰাজ্যখনৰ সকলো জনসাধাৰণক বিনামূলীয়া বিদ্যুৎ যোগান বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। এই গোচৰৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি, ন্যায়াধীশ বিপুল এম পাঞ্চোলিৰ বিচাৰপীঠে। তামিলনাডু চৰকাৰক মুখ্য ন্যায়াধীশগৰাকীৰ প্ৰশ্ন, “আমি দেশত কেনেধৰণৰ সংস্কৃতি গঢ়ি তুলিছোঁ?”

একে সময়তে তিনিজনীয়া বিচাৰপীঠে লগতে কয়, “আমি বুজি পাওঁ যে আপোনালোকৰ এই পদক্ষেপ বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱাৰাসকলৰ বাবে। কিন্তু কোনে বিদ্যুতৰ বিল পৰিশোধ কৰিব পাৰে আৰু কোনে নোৱাৰে তাৰ পাৰ্থক্য নকৰাকৈয়ে (সেৱা) প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। এয়া তুষ্টিকৰণৰ নীতি নহয়নে?”
মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে ৰাজ্যসমূহে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব লাগে। আপোনালোকে যদি পুৱা বিনামূলীয়া খাদ্য, সন্ধিয়া বিনামূলীয়া চাইকেল, তাৰ পিছত বিনামূলীয়া বিদ্যুৎ দিবলৈ আৰম্ভ কৰে, তেন্তে কোনে কাম কৰিব? কৰ্ম সংস্কৃতিৰ কি হ’ব?” ন্যায়াধীশ জয়মাল্য বাগচিয়ে কয় যে আমি অকল এখন ৰাজ্যৰ কথা কোৱা নাই। এই কথা সকলো ৰাজ্যৰ বাবে কোৱা হৈছে।









