
ভাৰতে (India) ৩.২৫ লাখ কোটি টকাত ক্ৰয় (Purchase) কৰিব ১১৪ খন ৰাফেল যুদ্ধ বিমান (Rafale fighter jet)। একাধিক বাতৰিৰ সূত্ৰৰ উদ্ধৃতি অনুসৰি, বৃহস্পতিবাৰে এই সন্দৰ্ভত চৰকাৰে অনুমতি লাভ কৰিছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে এই অনুমতি প্ৰদান কৰে।
কৃত্ৰিম বুদ্ধিমত্তাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ এই মাহত ভাৰতলৈ আহি আছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। ইয়াৰ পূৰ্বে আৰু ১১৪ খন ৰাফেল ক্ৰয়ৰ বাবে কেন্দ্ৰই দিয়া অনুমতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
দৰাচলতে দেশৰ সামৰিক বাহিনীৰ বাবে নতুন নীতিৰ সেউজ সংকেত দি আধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু যুদ্ধ সা-সঁজুলি ক্ৰয়ৰ অনুমোদন দিয়া দেশৰ সৰ্বোচ্চ কৰ্তৃপক্ষ হৈছে ডি এ চি। প্রতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ এই পৰিষদৰ নেতৃত্বত আছে দেশৰ প্রতিৰক্ষা মন্ত্রী৷ সম্প্ৰতি ৰাজনাথ সিং এই পৰিষদৰ মুৰব্বী। বৃহস্পতিবাৰে ডি এ চিৰ বৈঠক অনুষ্ঠিত হয়। সূত্ৰই জনোৱা মতে, ৰাফেল ক্ৰয়ৰ বাবে এই বৈঠকতে সেউজ সংকেত দিয়া হয়।

ফ্ৰান্সৰ পৰা ক্ৰয় হ’বলগীয়া ১১৪ খন ৰাফেলৰ ভিতৰত ভাৰতে ১৮ খন ৰেডিমেড (ফ্লাইং কণ্ডিচন) লাভ কৰিব। বাকীবোৰ এই দেশতে নিৰ্মাণ কৰা হ’ব, য’ত ভাৰতীয় প্ৰযুক্তিও ব্যৱহাৰ কৰা হ’ব। এই যুঁজাৰু বিমানৰ ভিতৰত ৮৮ খন বিমান একক পাইলটৰ আসনৰ হ’ব। বাকী ২৬ খনত দ্বৈত পাইলট বহিব পাৰিব।
২০২০ চনৰ জুলাইৰ পৰা ফ্ৰান্সৰ পৰা ৩৬ খন ৰাফেল পৰ্যায়ক্ৰমে ভাৰতত উপস্থিত হৈছে (ইয়াৰে ৮ খন দুখন আসনৰ প্ৰশিক্ষণ বিমান)। বায়ুসেনাৰ বিশেষজ্ঞসকলে সেইবোৰৰ প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ কৰাৰ পিছত যোৱা বছৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ‘মিনিষ্ট্ৰিয়েল গ্ৰুপ অন ছিকিউৰিটি’য়ে (চি চি এছ) অধিক ৰাফেল ক্ৰয় কৰিবলৈ (বা যৌথভাৱে নিৰ্মাণ কৰিবলৈ) সেউজ সংকেত দিছিল। ইয়াৰ কিছু সময়ৰ পাছতে ভাৰতীয় বায়ুসেনাক ১১৪ খন ৰাফেল ‘মাল্টিৰ’ল এয়াৰক্ৰাফ্ট’ যোগান ধৰাৰ পৰিকল্পনা আৰম্ভ হয়।











