ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

Staff Reporter by Staff Reporter
May 12, 2026
Reading Time: 1 min read
A A
0
Fuel price review : ১৫ দিনৰ মূৰে মূৰে পুনৰীক্ষণ হ’ব পেট্ৰ’ল-ডিজেলৰ মূল্য, ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

Chandranath murder case I শুভেন্দুৰ সহায়ক চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত চিবিআই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, ৰন্ধনত ব্যৱহাৰ কৰা তেল আদি সামগ্ৰীৰ ব্যৱহাৰত (India Fuel) সংযমী হ’বলৈ বাৰ্তা প্ৰদান কৰিছে। তেতিয়াৰে পৰাই বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে যে অদূৰ ভৱিষ্যতে দেশত শক্তিৰ সংকট হ’ব নেকি?

India fuel crisis I
দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে:

কিন্তু সোমবাৰে কেন্দ্ৰীয় চৰকাৰে পুনৰ এবাৰ স্পষ্ট কৰি দিলে যে দেশত পেট্ৰ’ল, ডিজেল, এলপিজি বা খাৰুৱা তেলৰ অভাৱ নাই। অপ্ৰয়োজনীয়ভাৱে আতংকিত নহ’বলৈও বাৰ্তা দিছে চৰকাৰে। পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত বিভিন্ন মন্ত্ৰালয়ৰ যৌথ সংবাদমেলত বিষয়াসকলে কয় যে ভাৰতত পৰ্যাপ্ত ইন্ধনৰ মজুত আছে।

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ প্ৰভাৱ যাতে ভাৰতৰ ওপৰত নূন্যতম হয় তাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিবগৰাকীয়ে কয় যে ভাৰতত পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল, এলপিজি, পেট্ৰ’ল, ডিজেল আছে।

লগতে তেওঁ কয়, “ভাৰতৰ প্ৰায় ৯০ শতাংশ শক্তি পশ্চিম এছিয়াৰ পৰা আমদানি কৰা হয়। কিন্তু জৰুৰীকালীন অৱস্থাত ভাৰতত যিকোনো সংকট ৰোধ কৰিবলৈ চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিছে।” সচিবগৰাকীয়ে লগতে কয়, “আতংকিত হৈ আগতীয়াকৈ ইন্ধন কিনাৰ প্ৰয়োজন নাই।”

চৰকাৰৰ মতে প্ৰধানমন্ত্ৰীৰ এই সতৰ্ক বাৰ্তাক বিশ্বৰ অনিশ্চয়তাৰ সন্মুখত শক্তি সংৰক্ষণ আৰু দেশৰ ওপৰত আৰ্থিক বোজা হ্ৰাস কৰাৰ প্ৰয়াস হিচাপে গণ্য কৰা উচিত। প্ৰধানমন্ত্ৰীৰ এই আবেদনক যোগানৰ নাটনিৰ ভাবুকি বুলি অভিহিত কৰাটো উপযুক্ত নহয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছaৱালে কয় যে ভাৰতে শক্তি সংৰক্ষণ আৰু যোগান নিশ্চিত কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে বিভিন্ন দেশৰ পৰা শক্তি ক্ৰয় কৰাৰ চেষ্টা চলাইছে। একে সময়তে তেওঁ কয় যে পশ্চিম এছিয়াত যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ভাৰত শান্তি আৰু আলোচনাৰ পক্ষপাতী।

বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ বিষয়াসকলে জনোৱা মতে, পশ্চিম এছিয়াত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ১০ খন ভাৰতীয় জাহাজে কোনো শুল্ক নিদিয়াকৈ হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে। হৰমুজত আৰু ১৩ খন মালবাহী জাহাজ আছে। নিৰাপদে সেইবোৰ অনাৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে।

উল্লেখ্য যে দেওবাৰে হায়দৰাবাদত চৰকাৰী কাৰ্যসূচীত মোদীয়ে কয়, “বৰ্তমান পেট্ৰ’ল, ডিজেল, গেছ এই সকলোবোৰ বস্তু অতি কমকৈ ব্যৱহাৰ কৰা উচিত। আমি বহিঃৰাষ্ট্ৰৰ পৰা আমদানি কৰা প্ৰয়োজনীয় পৰিমাণৰ শক্তি সামগ্ৰীহে ব্যৱহাৰ কৰাৰ চেষ্টা কৰা উচিত। ইয়াৰ দ্বাৰা বৈদেশিক মুদ্ৰাও ৰাহি হ’ব আৰু যুদ্ধ সংকটৰ বিৰূপ প্ৰভাৱ হ্ৰাস পাব।” তেওঁৰ এই আহ্বানে ইতিমধ্যে ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে। সেই পৰিৱেশত ভাৰত চৰকাৰে শক্তি মজুতৰ ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰি দিলে।

Tags: .দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধনমজুত আছেমোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা
Share4Tweet3Send

Related Posts

Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

by Staff Reporter
May 12, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

by Staff Reporter
May 12, 2026
50
Chandranath murder case I শুভেন্দুৰ সহায়ক চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত চিবিআই
National-International

Chandranath murder case I শুভেন্দুৰ সহায়ক চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত চিবিআই

by Staff Reporter
May 12, 2026
50
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

by News Desk
May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

by News Desk
May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

by News Desk
May 11, 2026
50
ADVERTISEMENT
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

May 12, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

May 12, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

May 12, 2026
50
Fuel price review : ১৫ দিনৰ মূৰে মূৰে পুনৰীক্ষণ হ’ব পেট্ৰ’ল-ডিজেলৰ মূল্য, ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
National-International

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

May 12, 2026
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

May 12, 2026
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx