
শনিবাৰে ব্ৰিগেড ময়দানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Modi)ৰ উপস্থিতিত একেলগে শপত গ্ৰহণ (Oath taking) কৰে প্ৰথম বিজেপি চৰকাৰৰ ছয়গৰাকী মন্ত্ৰীয়ে। সোমবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে (Chief Minister Shuvendu Adhikari) তেওঁৰ মন্ত্ৰীসভাৰ আন পাঁচজন সদস্যক দপ্তৰ বিতৰণ (Distribution of office to five members) কৰে। দিলীপ ঘোষক পঞ্চায়ত, কৃষি বিপণন আৰু পশুধন বিভাগৰ দায়িত্ব দিয়া হৈছে। অগ্নিমিত্ৰা পালক মহিলা, শিশু আৰু সমাজ কল্যাণ বিভাগ আৰু পৌৰ আৰু নগৰ উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। ক্ৰীড়া আৰু উত্তৰ বংগ উন্নয়ন বিভাগৰ কাম চম্ভালিব প্ৰাক্তন কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিশিত প্ৰমাণিকে। অশোক কীৰ্ত্তনিয়ালৈ গৈছে খাদ্য আৰু যোগান বিভাগ। জনজাতি উন্নয়ন বিভাগৰ দায়িত্বত থাকিব খুদিৰাম টুডু।

ৰাজ্য চৰকাৰৰ এক সূত্ৰই জনোৱা মতে, বাকী থকা সকলো বিভাগ সম্প্ৰতি মুখ্যমন্ত্ৰী শুভেন্দুৰ অধীনত থাকিব। উল্লেখ্য যে সোমবাৰে দুপৰীয়া ১২ বজাত নৱান্নত শুভেন্দুৰ কেবিনেট বৈঠক আহ্বান কৰা হয়। এই বৈঠকত তেওঁৰ মন্ত্ৰীসভাৰ পাঁচজন সদস্য উপস্থিত থাকে। সভাত মুখ্য সচিব দুষমন্ত নাৰিৱালা আৰু প্ৰশাসনিক বিষয়াসকলো উপস্থিত থাকে। প্ৰথমখন কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শুভেন্দুৱে কয় যে তেওঁৰ মন্ত্ৰীসভা সুশাসন আৰু নিৰাপত্তাৰ পথত আগবাঢ়ি যাব। একে সময়তে বিজেপিশাসিত ৰাজ্যসমূহত ‘ডাবল ইঞ্জিন চৰকাৰে’ যি পথ লৈছে, সেই পথ পশ্চিমবংগতো গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়।












