
সোমনাথ মন্দিৰৰ (Somnath Temple) বৰ্ষপূৰ্তি উদযাপনত (Anniversary celebration) যোগদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Modi)য়ে বিৰোধীক তীব্ৰ আক্ৰমণ (attack on the opponent) চলায়। গুজৰাটৰ গিৰত অনুষ্ঠিত অনুষ্ঠানৰ পৰাই তেওঁ অভিযোগ কৰে যে স্বাধীনতাৰ পাছত সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণৰ কামত জৱাহৰলাল নেহৰুৱে বাধা আৰোপ কৰিছিল।
প্ৰধানমন্ত্ৰীৰ ভাষণত দেশৰ আত্মসন্মানৰ সংগ্ৰামৰ কথা উত্থাপিত হয়। তেওঁ কয় যে আমাৰ দেশত ৰাষ্ট্ৰীয় গৌৰৱৰ বিষয়টোৰ ওপৰতো ৰাজনীতি কৰা হয়, যাৰ এক ডাঙৰ উদাহৰণ সোমনাথ।

একে সময়তে মোদীয়ে সোঁৱৰাই দিয়ে যে স্বাধীনতাৰ পিছত যেতিয়া চৰ্দাৰ বল্লভভাই পেটেল আৰু ৰাজেন্দ্ৰ প্ৰসাদে মন্দিৰটো সংস্কাৰ কৰাৰ উদ্যোগ লৈছিল, তদানীন্তন প্ৰধানমন্ত্ৰী নেহৰুৱে ইয়াৰ বিৰোধিতা কৰিছিল। ৰাম মন্দিৰ আন্দোলনৰ কথা উল্লেখ কৰি মোদীয়ে কয়, “ৰাম মন্দিৰ নিৰ্মাণৰ সময়ত ইয়াক কেনেদৰে বাধাৰ সৃষ্টি কৰা হৈছিল আমি দেখিছোঁ। আজিও সেই অশুভ শক্তি সক্ৰিয় হৈ আছে।” তেওঁৰ বাৰ্তা হৈছে যে দেশখনে পৰম্পৰা আৰু উন্নয়নৰ সৈতে আগবাঢ়িব লাগিব।
উল্লেখ্য যে সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে। মূল অনুষ্ঠানৰ পূৰ্বে তেওঁ সোমনাথত এক বৰ্ণিল ৰোড-শ্ব’তো অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা সমাবেশৰ পৰাই কংগ্ৰেছৰ ওপৰত অভূতপূৰ্ব আক্ৰমণ কৰে। তেওঁ কংগ্ৰেছক পোনপটীয়াকৈ ‘পৰজীৱী’ বুলি অভিহিত কৰে। তেওঁ অভিযোগ কৰে যে এই দলটোৱে কেৱল নিজৰ মিত্ৰসকলক প্ৰতাৰণা কৰি আৰু আঞ্চলিক দলৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিব জানে।
তামিলনাডুৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশত মোদীৰ এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো ডিএমকেৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলেও কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সময়ত বিজয়ৰ দল টিভিকেৰ সৈতে হাত মিলাইছে। দেওবাৰে চেন্নাইত বিজয়ৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাহুল গান্ধীও ব্যক্তিগতভাৱে উপস্থিত থাকে।












