
পশ্চিম এছিয়াত চলি থকা যুদ্ধ পৰিস্থিতিয়ে সমগ্ৰ বিশ্বতে শক্তি সংকটৰ সৃষ্টি কৰিছে। দেওবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে দেশবাসীক সেই কথা সোঁৱৰাই দিয়ে আৰু শক্তি ৰাহি কৰিবলৈ আহ্বান জনায়। একে সময়তে কৰোনা যুগৰ কথা উল্লেখ কৰি তেওঁ ঘৰৰ পৰা কাম কৰি, বহিঃৰাষ্ট্ৰ ভ্ৰমণ আৰু সোণৰ ক্ৰয় হ্ৰাস (Decrease in gold purchase) কৰি বৈদেশিক মুদ্ৰাৰ (Foreign currency) মজুত সংৰক্ষণৰ বাবেও আহ্বান জনায়। তাৰ পিছত ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰীৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে মাত মাতিছে ৰাহুল গান্ধীসহ অন্যান্য লোকে। দেওবাৰে কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ এই বাৰ্তাক তীব্ৰ সমালোচনা কৰে। লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) এইবাৰ মাত মাতিছে।
মোদী চৰকাৰৰ ১২ বছৰীয়া শাসনক তেওঁ নিজৰ এক্স হেণ্ডেলত কাঠগড়াত থিয় কৰায়। তেওঁ কয়, “মোদীজীয়ে কালি জনসাধাৰণৰ পৰা ত্যাগ স্বীকাৰৰ দাবী কৰিছে। তেওঁ মানুহক কৈছে যে সোণ কিনিব নালাগে, বহিঃৰাষ্ট্ৰলৈ নাযাব, তেল কম ব্যৱহাৰ কৰিব, সাৰ আৰু ৰন্ধন তেল কমাব, মেট্ৰ’ ব্যৱহাৰ কৰিব, ঘৰৰ পৰা কাম কৰিব। এইবোৰ কেৱল পৰামৰ্শ নহয়, চৰকাৰৰ ব্যৰ্থতাৰ প্ৰমাণহে।” ৰাহুলে নিজৰ পোষ্টটোত লগতে কয়, “১২ বছৰত দেশখনক এনে এক ঠাইলৈ লৈ যোৱা হৈছে য’ত চৰকাৰে নিজৰ দায়িত্বৰ পৰা আঁতৰি থাকি বাৰে বাৰে সাধাৰণ জনতাক বোজা দি আছে।” একে সময়তে ৰাহুলে মোদীক ‘আপোচকাৰী প্ৰধানমন্ত্ৰী’ বুলিও গৰিহণা দিয়ে।

আন আন শীৰ্ষ কংগ্ৰেছ নেতাসকলেও এই সন্দৰ্ভত মাত মাতিছে। দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে মোদীক ‘দিশাহাৰা’ বুলি অভিহিত কৰে। তেওঁ কয়, “যুদ্ধৰ ইমান দিনৰ পাছতো দেশৰ শক্তি সুৰক্ষা সুৰক্ষিত কৰাৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ কোনো ধাৰণা নাই। সাধাৰণ জনতাক অসুবিধাত পেলোৱাৰ পৰিৱৰ্তে চৰকাৰে আগতীয়াকৈ পৰ্যাপ্ত ইন্ধন মজুতৰ ব্যৱস্থা কৰা উচিত আছিল।” আনহাতে, প্ৰধানমন্ত্ৰীৰ হঠাৎ নিৰ্দেশ দিয়াৰ আঁৰৰ কাৰণক লৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ সাংসদ পি চিদাম্বৰমে। একে সময়তে তেওঁ সংসদৰ তাৎক্ষণিক বিশেষ অধিৱেশনৰ আহ্বান জনায়। তেওঁ কয় যে চৰকাৰে জনসাধাৰণৰ আগত দেশৰ প্ৰকৃত অৰ্থনৈতিক অৱস্থা স্পষ্ট কৰক।
উল্লেখ্য যে ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে ইৰাণক আক্ৰমণ কৰিছিল। বৰ্তমান যুদ্ধবিৰতি চলি আছে যদিও আমেৰিকা আৰু ইৰাণ দুয়োখন দেশে সময়ে সময়ে বিভিন্ন অজুহাতত যুদ্ধবিৰতি উলংঘা কৰি আছে। ফলত বিশ্ব বজাৰত শক্তিৰ সংকট অব্যাহত আছে। বিগত দুমাহ ধৰি চলি থকা এই যুদ্ধৰ প্ৰভাৱৰ বাবে বিশ্ব বজাৰত তেলৰ মূল্য আকাশলংঘী হৈছে। আমদানিৰ ওপৰত নিৰ্ভৰশীল দেশ হিচাপে হৰমুজ প্ৰণালীৰ মাজেৰে বাণিজ্য বন্ধ হোৱাৰ বাবে ভাৰতে এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এনে পৰিপ্ৰেক্ষিতত দেওবাৰে হায়দৰাবাদত অনুষ্ঠিত এক ধাৰাবাহিক অনুষ্ঠানত মোদীয়ে দেশবাসীক শক্তি সঞ্চয় আৰু বৈদেশিক মুদ্ৰা সংৰক্ষণৰ বাবে আহ্বান জনায়। একে সময়তে তেওঁ জনসাধাৰণক অপ্ৰয়োজনীয় বিদেশ ভ্ৰমণ পৰিহাৰ কৰি এবছৰৰ বাবে সোণ ক্ৰয় কমাই পেট্ৰ’ল-ডিজেল পৰিমিতভাৱে ব্যৱহাৰ কৰাৰ লগতে যিমান পাৰি ‘ঘৰৰ পৰাই কাম’ কৰিবলৈ পৰামৰ্শ দিয়ে। লগতে গাড়ীৰ সলনি ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈও তেওঁ আবেদন জনায়।












