
খালী ঠাইত এখন ৰঙা গাড়ী ৰখাই থোৱাত স্থানীয় ৰাইজৰ সন্দেহ হোৱাত আগবাঢ়ি গৈ গাড়ীৰ ভিতৰৰ দৃশ্য দেখি আচৰিত হয়। চালকৰ আসন (Driver’s seat)ত আছিল এজন যুৱকৰ মৃতদেহ (young man’s dead body)। তেওঁৰ মূৰত গুলীৰ আঘাতৰ চিন আছিল। তেওঁৰ মুখৰ এটা অংশ জ্বলি গৈছিল। আনহাতে, গাড়ীৰ পিছৰ আসনত এগৰাকী যুৱতীৰ মৃতদেহ (dead body of the young woman) আছিল। তেওঁৰ ডিঙিটো কটা আছিল। ইফালে গাড়ীৰ ভিতৰত এটা পিষ্টল, তেজৰ দাগ লগা এখন কুঠাৰ আৰু এখন কৰত পৰি আছিল। গাড়ীৰ পৰা ৫০ ফুট দূৰৈত পৰি আছিল তিনিটা ফোন।
মধ্যপ্ৰদেশৰ অশোকনগৰ (Ashoknagar of Madhya Pradesh)ত বৃহস্পতিবাৰে পুৱা এনে এক দৃশ্যই সকলোকে কঁপাই তোলে। গাড়ীৰ ভিতৰৰ পৰা এজন যুৱক আৰু এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় চাঞ্চল্য। লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। তথ্য লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, চালকৰ আসনত থকা যুৱকজনৰ নাম ঋত্বিক ছোনী আৰু যুৱতীগৰাকীৰ নাম মুস্কান। দুয়োজনেই অশোকনগৰৰ বাসিন্দা। বুধবাৰে বিয়লি মুস্কান জিমলৈ গৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। কিন্তু তাৰ পিছত তেওঁ ঘৰলৈ উভতি অহা নাছিল। তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ কেইবাবাৰো চেষ্টা কৰা হৈছিল যদিও কোনো সঁহাৰি নাপালে। ইয়াৰ পিছতে মুস্কানৰ পৰিয়ালে কোটোৱালি থানাত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে।
অন্যহাতে, ১৫ দিন পূৰ্বে ইন্দোৰৰ পৰা ঋত্বিক অশোকনগৰৰ নিজৰ ঘৰলৈ আহিছিল বুলি তেওঁৰ পৰিয়ালে আৰক্ষীক জনায়। ঋত্বিকৰ পিতৃ ৰাকেশ ছোনীয়ে কয় যে বৃহস্পতিবাৰে পুৱা যেতিয়া উক্ত স্থানত উপস্থিত হয়, তেতিয়া পুত্ৰৰ মৃতদেহ প্ৰত্যক্ষ কৰে। প্ৰথম অৱস্থাত আৰক্ষীয়ে কয় যে মুস্কান আৰু ঋত্বিকে ইন্দোৰৰ এটা কোম্পানীত একেলগে কাম কৰিছিল। দুয়োৰে সম্পৰ্কৰ তদন্ত অব্যাহত আছে। ইতিমধ্যে পৰিয়ালৰ লোক আৰু আত্মীয়ক আৰক্ষীয়ে সোধা-পোছা আৰম্ভ কৰিছে। তদন্তকাৰীয়ে সন্দেহ কৰিছে যে প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে ধৰি লৈছে যে ঋত্বিকে মুস্কানক হত্যা কৰাৰ পিছত আত্মহত্যা কৰে। অৱশ্যে ৫০ ফুট দূৰৈত পৰি থকা তিনিটা ফোনক লৈ সন্দেহৰ সৃষ্টি হৈছে।











